বিজনীত গেলামাল দোকানত বিক্ৰী কৰি আছিল ড্ৰাগছ, আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰিলে মাকমাদুলক

98

ৰাজ্যত অবাধে চলিছে ড্ৰাগছৰ লগতে নিচাযুক্ত সামগ্ৰীৰ ৰমৰমীয়া বেহা। বিগত কিছু দিনত আৰক্ষী-প্ৰশাসন ড্ৰাগছৰ বিৰুদ্ধে তীব্ৰতৰ অভিযান চলাই যুৱ সমাজৰ প্ৰতি বিহস্বৰূপ ড্ৰাগছৰ বেহা উৎখাত কৰিবলৈ সক্ষম হৈছে। শেহতীয়াকৈ চিৰাঙৰ বিজনীত এখন গেলামাল দোকানত অভিযান চলাই আৰক্ষীয়ে বৃহৎ পৰিমাণৰ ড্ৰাগছ উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

জানিব পৰা মতে, বিজনীৰ কাৱাটিকাত গণি এণ্টাৰপ্ৰাইজ নামৰ গেলামাল দোকানখনত গেলামাল সামগ্ৰীৰ লগতে চলাই আহিছিল ড্ৰাগছৰ গোপন ব্যৱসায়। আৰক্ষীয়ে গোপন সূত্ৰৰ ভিত্তিত এই বিষয়ে জানিব পৰাৰ পিছতে গেলামাল দোকানখনত অভিযান চলাই প্ৰায় ৩০ লাখ টকা মূল্যৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয়।

আৰক্ষীয়ে গণি এণ্টাৰপ্ৰাইজৰ স্বত্বাধিকাৰী মাকমাদুল হাছানক গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে। ধৃত ড্ৰাগছৰ ব্যৱসায়ীজনৰ ঘৰ বঙাইগাঁৱত বুলি জানিব পৰা গৈছে।