বিজনীত অমৃত সৰবৰ আঁচনিৰ শুভ উন্মোচন কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ নৱ কুমাৰ শৰণীয়াৰ

323

বিজনীত অমৃত সৰবৰ আঁচনিৰ শুভ উন্মোচন কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ নৱ কুমাৰ শৰণীয়াৰ।

দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন উপলক্ষে সমগ্ৰ ভাৰততে শুভাৰম্ভ কৰা হৈছে অমৃত সৰোবৰ আঁচনিৰ ।সমগ্ৰ দেশৰ বিভিন্ন প্ৰান্তৰ লগতে মাণিকপুৰ উন্নয়ন খন্দৰ অন্তৰ্গত বিজনীৰ চাতিয়ানগুৰীত শুভাৰম্ভ কৰা হয় অমৃত সৰোবৰ আঁচনিৰ। চাতিয়ানগুৰীত ১২ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ’ব লগীয়া অমৃত সৰবৰ আঁচনিৰ শুভ উন্মোচন কৰে কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ নৱ কুমাৰ শৰণীয়াই।উক্ত কাৰ্যসূচীত সাংসদ শৰণীয়াৰ উপৰিও বিটিআৰৰ উপাধ্যক্ষ অভিৰাম মহানায়ক উপস্থিত থাকে।