ডিজিটেল ডেস্কঃ আইপিএলৰ পিছতে অষ্ট্ৰেলিয়া ভ্ৰমণৰ বাবে যাবলগীয়া ভাৰতীয় ক্ৰিকেট দলৰ ইতিমধ্যে ঘোষণা কৰিছে বিচিচিআইয়ে। টেষ্ট, এদিনীয়া আৰু টি-২০ তিনিটা শৃংখলাতে এইবাৰ ভাৰতীয় ক্ৰিকেট দলটোত স্থান লাভ কৰা নাই হিট মেন ৰোহিত শৰ্মাই। আনহাতে বৰ্তমান চলি থকা আইপিএলত দুৰ্দান্ত বেটিঙেৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হোৱা ৰাইট হেণ্ড অপেনাৰ সূৰ্যকুমাৰ যাদৱক ভাৰতীয় ক্ৰিকেট দলত অন্তৰ্ভূক্তি নকৰাক লৈ সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ।
ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন বলাৰ হৰভজন সিঙেই এই বিষয়ত ব্যক্ত কৰিছে নিজৰ প্ৰতিক্ৰিয়া। বিচিচিআইক সমালোচনা কৰি হৰভজন সিঙে টুইটাৰত লিখিছে- ‘নাজানো ভাৰতীয় ক্ৰিকেট দলত স্থান পাবলৈ হ’লে সূৰ্যকুমাৰ যাদৱে কি কৰিব লাগিব। তেওঁ প্ৰত্যেকখন আইপিএল আৰু ৰঞ্জী চিজনতে সুন্দৰ প্ৰদৰ্শন কৰিছে। কিন্তু মই ভাৱো পৃথক মানুহৰ পৃথক চিন্তা। বিচিচিআইৰ সকলো নিৰ্বাচককে তেওঁৰ ৰেকৰ্ড এবাৰ পৰ্যবেক্ষন কৰিবলৈ আহ্বান জনাও।’