বিগত ২৪ ঘণ্টাত ভাৰতত ১০৮৯ জনৰ কোভিড আক্ৰান্ত হৈ মৃত্যু

73

ডিজিটেল ডেস্কঃ ৫৯ লাখ অতিক্ৰম কৰিলে দেশৰ কোভিড আক্ৰান্ত ৰোগীৰ সংখ্যাই। যোৱা ২৪ ঘণ্টাত দেশত পুনৰ ৮৫,৩৬২ জন ৰোগীৰ দেহত কোভিড সংক্ৰমণ ধৰা পৰে। এই সময়ছোৱাত ১০৮৯ জন লোকৰ কোভিড আক্ৰান্ত হৈ মৃত্যু ঘটা বুলি স্বাস্থ্য মন্ত্ৰণালয়ে সদৰী কৰিছে।

বিগত ২৪ ঘণ্টাৰ সংক্ৰমিত ৰোগীৰ সংখ্যাৰ সৈতে দেশত বৰ্তমান কোভিড সংক্ৰমিত ৰোগীৰ সংখ্যা ৫৯,০৩,৯৩৩ জনলৈ বৃদ্ধি পাইছে। ইয়াৰে ৪৮,৪৯,৫৮৫ জন ৰোগী সুস্থ হৈ উঠিছে আৰু ৯,৬০,৯৬৯ জনৰ চিকিৎসা কৰি থকা হৈছে। ভাৰতত শুকুৰবাৰ পৰ্যন্ত ৯৩,৩৭৯ লোকৰ কোভিড আক্ৰান্ত হৈ মৃত্যু ঘটিছে।