বিগত ২৪ ঘণ্টাত ভাৰতত সৰ্বাধিক ৭৫ হাজাৰ লোক কোভিড আক্ৰান্ত, মৃত্যুৰ সংখ্যাই পাৰ কৰিলে ৬০ হাজাৰৰ ঘৰ

83

ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে পুৱা স্বাস্থ্য বিভাগে প্ৰকাশ কৰা তথ্যত বিগত ২৪ ঘণ্টাত ভাৰতত সৰ্বাধিক ৭৫,৭৬০ জন লোকৰ দেহত কোভিড পজিটিভ ধৰা পৰে। ইফালে যোৱা ২৪ ঘণ্টাত ভাৰতত ১০২৩ জন লোকৰ কোভিড আক্ৰান্ত হৈ মৃত্যু ঘটিছে। স্বাস্থ্য বিভাগৰ এই প্ৰতিবেদনৰ পিছতে ভাৰতত সৰ্বমুঠ কোভিড আক্ৰান্তৰ সংখ্যাই ৩৩ লাখৰ ঘৰ অতিক্ৰম কৰিছে। উল্লেখ্য যে, কোৰোনা আক্ৰান্তৰ ক্ষেত্ৰত বিশ্বৰ ভিতৰত তৃতীয় স্থানত থকা ভাৰতত এদিনতে সৰ্বাধিক লোক আক্ৰান্ত হয় বৃহস্পতিবাৰে।

তথ্য অনুসৰি, ভাৰতত মুঠ কোভিড ৰোগীৰ সংখ্যা হৈছেগৈ ৩৩,১০,২৩৫ জন। ইয়াৰে ২৫,২৩,৭৭২ জন সুস্থ হৈ উঠাৰ বিপৰীতে এতিয়াও চিকিৎসাধীন হৈ আছে ৭,২৫,৯৯১ জন। যোৱা ২৪ ঘণ্টাত সুস্থ হৈ উঠিছে ৫৬,০১৩ জন। বৰ্তমান পৰ্যন্ত দেশত সুস্থতাৰ হাৰ হৈছে ৭৬.২৪ শতাংশ। দেশত কোভিড আক্ৰান্ত হৈ মুঠ মৃত্যু ঘটিছে ৬০,৪৭২ জনৰ। মৃত্যুৰ হাৰ হৈছে ১.৮৩ শতাংশ। স্বাস্থ্য বিভাগে সদৰি কৰা মতে, যোৱা ২৪ ঘণ্টাত ভাৰতত ৯,২৪,৯৯৮ জনৰ কোভিড পৰীক্ষা কৰা হৈছিল।