দেশত পুনৰ ভয়াবহ হৈ পৰিছে কোভিড পৰিস্থিতি। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে সদৰী কৰা তথ্য অনুসৰি, যোৱা ২৪ঘন্টাত ভাৰতত ২লাখ ৭৩হাজাৰ ৮১০গৰাকী লোক পুনৰ কোৰোনাত আক্ৰান্ত হৈছে। আনহাতে এই সময়ছোৱাত ১,৬১৯ গৰাকী লোকৰ মৃত্যু হৈছে।
বৰ্তমান ভাৰতত চিকিৎসাধীন হৈ আছে ১৯,২৯,৩২৯গৰাকী লোক। ইয়াৰ বিপৰীতে দেশৰ ১২কোটি ৩৮লাখ ৫২হাজাৰ ৫৬৬গৰাকী লোকক ভেকচিন প্ৰদান কৰা হৈছে।
