বিগত ২৪ ঘণ্টাত দেশত ৮১ হাজাৰ নতুন কোভিড সংক্ৰমণ, ১০৯৫ জনৰ মৃত্যু

56

ডিজিটেল ডেস্কঃ ভাৰতত কোৰোনা ভাইৰাছ সংক্ৰমণৰ সংখ্যা ৬৩,৯৪,০৬৯ জনলৈ বৃদ্ধি পাইছে। স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি যোৱা ২৪ ঘণ্টাত দেশত ৮১,৪৮৪ টা কোৰোনাৰ নতুন সংক্ৰমণ ধৰা পৰে। এই সময়ছোৱাত ১০৯৫ জনৰ কোভিড আক্ৰান্ত হৈ মৃত্যু ঘটিছে।

তথ্য অনুসৰি, মুঠ সংক্ৰমণৰ ৫৩,৫২,০৭৮ জন ৰোগী বৰ্তমান সুস্থ হৈ উঠিছে আৰু ৯,৪২,২১৭ জনৰ চিকিৎসা চলাই থকা হৈছে। দেশত কোভিড আক্ৰান্ত হৈ ৯৯,৭৭৩ জনৰ মৃত্যু ঘটিছে।