বিগত ২৪ ঘণ্টাত দেশত কোভিড আক্ৰান্ত হৈ ৬৯০ জনৰ মৃত্যু

55

ডিজিটেল ডেস্কঃ ভাৰতত ৭১.৬১ লাখলৈ বৃদ্ধি পাইছে কোৰোনা ৰোগীৰ সংখ্যা। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ তথ্য অনুসৰি বিগত ২৪ ঘণ্টাত দেশত ৫৪,৩৬৬ জন লোক নতুনকৈ কোৰোনাত আক্ৰান্ত হৈছে। এই সময়ছোৱাত মৃত্যু ঘটিছে ৬৯০ জন লোকৰ।

দেশত বৰ্তমানলৈকে কোৰোনা আক্ৰান্ত হৈ মৃত্যু ঘটা ৰোগীৰ সংখ্যা হৈছে ১,১৭,৩০৬ জন। আনহাতে বৰ্তমানলৈকে ৬,৯৫,৫০৯ জন ৰোগীৰ চিকিৎসা অব্যাহত থকাৰ বিপৰীতে সুস্থ হৈ উঠিছে ৬৯,৪৮,৪৯৭ জন।