বাৰ্মিংহামত স্বৰ্ণজয়ৰ পিছত স্বগৃহলৈ উভতিল অসম কন্যা নয়নমণি

7204

বাৰ্মিংহামত অনুষ্ঠিত কমনৱেল্থ গেমেছত স্বৰ্ণ পদক জয়ৰ পিছত আজি স্বগৃহলৈ উভতিল ল’নবল খেলুৱৈ নয়নমণি শইকীয়া। খেলুৱৈ গৰাকীক ধনশিৰী মহকুমাৰ প্ৰৱেশ পথৰ পৰাই আদৰি আনি সৰুপথাৰ মহাবিদ্যালয়লৈলৈ যোৱা হয় ।

স্বৰ্ণ পদক জয় কৰাৰ পিছত প্ৰথম বাৰলৈ গৃহ জিলাত উপস্থিত হোৱাত ৰাইজৰ মাজত উচ্ছাহ-উদ্দিপনা দেখিবলৈ পোৱা গৈছে।

খেলুৱৈ গৰাকীক গায়ন-বায়নেৰে আদৰণি জনোৱা হয়। স্থানীয় ৰাইজৰ লগতে বিভিন্ন দল-সংগঠনে আদৰণি জনাইছে খেলুৱৈ গৰাকীক।

নিজৰ জিলা খনত উপস্থিত হৈ খেলুৱৈ গৰাকীয়ে সাংবাদিকৰ আগত নিজৰ মনৰ ভাৱ প্ৰকাশ কৰে। তেওঁ কয় যে মই যথেষ্ট সুখি। সকলো ধনশিৰীবাসীক ধন্যবাদ দিছো মোক ইমান মৰম দিয়াৰ বাবে ।