মঙলবাৰে বাৰামুল্লা জিলাৰ নাজিৱত এলেকাত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে আৰক্ষী আৰু নিৰাপত্তাৰক্ষীয়ে চলোৱা যুটীয়া অভিযানত ৩ জন পাকিস্তানী সন্ত্ৰাসবাদী নিহত হোৱাৰ লগতে শ্বহীদ এগৰাকী আৰক্ষী জোৱান।
নিহত সন্ত্ৰাসবাদী কেইজনৰ পৰা অস্ত্ৰ-শস্ত্ৰ আৰু নথি-পত্ৰ উদ্ধাৰ কৰা হৈছে।
আৰক্ষী সূত্ৰই জানিবলৈ দিয়া মতে, বাৰমুল্লাৰ নাজিৱত এলেকাত সন্ত্ৰাসবাদীৰ এটা দল আত্মগোপন কৰি থকাৰ গোপন খবৰ লাভ কৰাৰ পিছতে মঙলবাৰে নিশা এই অভিযান চলোৱা হয়।
অভিযানকালত সন্ত্ৰাসবাদীৰ গুলী লাগি আৰক্ষী জোৱানগৰাকী শ্বহীদ হয়। কিন্তু অভিযানকাৰীয়ে উচিত প্ৰত্যুত্তৰ দি ৩ পাকিস্তানী সন্ত্ৰাসবাদীক হত্যা কৰে।
উল্লেখ্য যে, মঙলবাৰে শ্ৰীনগৰত ঘৰৰ বাহিৰত সন্ত্ৰাসবাদীয়ে গুলীয়াই হত্যা কৰিছিল ছাইফুল্লা কাদ্ৰী নামৰ এগৰাকী আৰক্ষী জোৱানক। সন্ত্ৰাসবাদীৰ আক্ৰমণত তেওঁৰ ৭ বছৰীয়া কন্যাও গুৰুতৰভাৱে আহত হৈছিল।
ইয়াৰ পিছতে নিৰাপত্তাৰক্ষী আৰু আৰক্ষীয়ে বাৰমুল্লাত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে যুটীয়াভাৱে অভিযান চলাই ৩ জনকৈ পাকিস্তানী সন্ত্ৰাসবাদীক নিধন কৰিবলৈ সক্ষম হয়।
