ঋতু পৰ্ণ শৰ্মা, নগাঁও: মাৰাত্মক ধঁপাতযুক্ত পদাৰ্থৰ কু-ফল, ধঁপাত সেৱনৰ ফলত হোৱা স্বাস্থ্যৰ অনিষ্টতা সম্পৰ্কে সজাগতা সৃষ্টি আৰু প্ৰতিখন বিদ্যালয়ৰ চৌহদৰপৰা এশ মিটাৰ নিলগত ধঁপাতযুক্ত সামগ্ৰী বিক্ৰী তথা ব্যৱহাৰ ৰোধ কৰা লক্ষ্যৰে সোমবাৰে মৰিগাঁও জিলাৰ বাৰপূজীয়াৰ দুখনকৈ উচ্চ শিক্ষানুষ্ঠান ক্ৰমে ছহিদ তিলক ডেকা মাধ্যমিক বিদ্যালয় আৰু অলকাপুৰ এচ.এচ.কে. মাধ্যমিক বিদ্যালয়ত ধঁপাত বিৰোধী সজাগতামূলক কাৰ্য্যসূচী অনুষ্ঠিত হয় ।
মৰিগাঁও জিলাৰ জিলা ধঁপাত নিয়ন্ত্ৰণ কোষৰ উদ্যোগত উচ্চ শিক্ষাৰ অন্যতম অগ্ৰণী শিক্ষানুষ্ঠান ছহিদ তিলক ডেকা মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত সজাগতা সভাখনিত মৰিগাঁও জিলা ধঁপাত নিয়ন্ত্ৰণ কোষৰ ন’ডেল বিষয়া তথা সু-চিকিৎসক ডাঃ জয়াপ্ৰভা বড়োৱে অংশগ্ৰহণ কৰি শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ- ছাত্ৰীক ধঁপাত সেৱনে মানৱ জীৱনলৈ মাতি অনা চৰম পৰিণতিৰ বিষয়ে বিস্তাৰিত ভাৱে বক্তব্য ৰাখে । তেওঁ লগতে ধঁপাতৰ ফলত হোৱা বিভিন্ন ৰোগ,চিগাৰেট তথা অন্য ধঁপাতজাতীয় সামগ্ৰী আইন ২০০৩ সন্দৰ্ভত ”ডিজিটেল পাৱাৰ পইন্ট” মাধ্যমেৰে এক তথ্যসমৃদ্ধ প্ৰেজেন্টেচন আগবঢ়ায় । বিদ্যালয়ৰ প্ৰধান শিক্ষক ডিম্বেশ্বৰ মেধিৰ পৌৰোহিত্যত অনুষ্ঠিত সভাখনিত অলকাপুৰ চি আৰ চি চি প্ৰণৱজ্যোতি নাথ, ৰজাপুখুৰী চি আৰ চি চি ৰঞ্জনজ্যোতি মহন্ত উপস্থিত থাকি শিক্ষক, ছাত্ৰ-ছাত্ৰীৰ উদ্দেশ্যি ধঁপাতযুক্ত হ্ৰস্বকালীন আৰু দীৰ্ঘকালীন কুফলসমূহ সন্দৰ্ভত বক্তব্য ৰাখে ।
ইপিনে বাৰপূজীয়াৰ অন্য এক অগ্ৰণী শৈক্ষিক অনুষ্ঠান অলকাপুৰ এচ. এচ কে মাধ্যমিক বিদ্যালয়তো সোমবাৰে ধঁপাত বিৰোধী সজাগতামূলক কাৰ্যসূচী ৰূপায়ণ কৰা হয় । উক্ত কাৰ্যসূচীত জিলা ধঁপাত নিয়ন্ত্ৰণ কোষৰ ডাঃ জয়াপ্ৰভা বড়ো,অলকাপুৰ চিৰ আৰ চি চি প্ৰণৱজ্যোতি নাথ, অলকাপুৰ এচ.এচ.কে. মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ৰেখা দেৱী,শিক্ষক প্ৰদীপ পাটৰকে ধৰি বিদ্যালয়ৰ অন্যান্য শিক্ষকসকলে ছাত্ৰ-ছাত্ৰীক ধঁপাতৰ বিভিন্ন অনিষ্টকাৰী প্ৰভাৱৰ বিষয়ে অৱগত কৰে ।
উল্লেখ্য যে, দুয়োখন শিক্ষানুষ্ঠানতে উক্ত কাৰ্যসূচীৰ অন্তত শিক্ষক,ছাত্ৰ-ছাত্ৰীৰ মাজত ”ৰাষ্ট্ৰীয় ধঁপাত নিয়ন্ত্ৰণ আঁচনি”ৰ হাতপুথি, পত্ৰিকা আদিবোৰ বিতৰণ কৰা হয়।
