ঋতু পৰ্ণ শৰ্মা, নগাঁও: অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ অধীনস্থ নগাঁও জিলাৰ বটদ্ৰৱা সাংস্কৃতিক কেন্দ্ৰৰ উদ্যোগত মংগলবাৰে বাৰপূজীয়া দৌল মন্দিৰ প্ৰাঙ্গণত দিনযোৰা কাৰ্যসূচীৰে “ঐক্যতান” শীৰ্ষক এখনি বাৰেবৰণীয়া সাংস্কৃতিক বিনিময় অনুষ্ঠান অনুষ্ঠিত হয় । বটদ্ৰৱা নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ দেৱানন্দ দেৱ গোস্বামীয়ে বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰা এই সাংস্কৃতিক অনুষ্ঠানৰ লগত সংগতি ৰাখি এখন সভা অনুষ্ঠিত হয় ৷
নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ দেৱানন্দ দেৱ গোস্বামীয়ে সভাপতিত্বত অনুষ্ঠিত সভাত উপস্থিত থাকি ভাষণ প্ৰদান কৰে বটদ্ৰৱা থান পৰিচালনা সমিতিৰ প্ৰাক্তন সম্পাদক ইন্দ্ৰমোহন বৰুৱা, সাংস্কৃতিক কৰ্মী ডাঃ প্ৰকাশ খাউণ্ড, মৰিগাঁও জিলা সাহিত্য সভাৰ সদস্য কেশৱ লাহন, শংকৰী সাধক পুৰন্দ ডেকা, ডাঃ প্ৰদীপ ডেকাই ।
বটদ্ৰৱা সাংস্কৃতিক কেন্দ্ৰৰ বিষয়া সৌৰভ পানী ফুকনে উদ্দেশ্য ব্যাখ্যা কৰা সভাৰ পিছতে এখনি বৰ্ণাঢ়্য বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয় ৷ এই সাংস্কৃতিক অনুষ্ঠানত কোকৰাঝাৰৰ সাংস্কৃতিক কৰ্মী বাৰ্লাংফা নাৰ্জাৰীৰ পৰিচালনাত বড়ো নৃত্য, অজয় কুমাৰ দেউৰজাৰ নেতৃত্বত তিৱা নৃত্য, মাণিক পাটৰৰ পৰিচালনাত সত্ৰীয়া নৃত্য, বিখ্যাত ইংতিৰ পৰিচালনাত কাৰ্বি নৃত্য, প্ৰসেনজিৎ কোঁৱৰৰ পৰিচালনাত পাটিঢোল বাদনৰ লগতে কেইবাগৰাকী কণ্ঠ শিল্পীৰ সংগীতানুষ্ঠানে উপস্থিত ৰাইজক আপ্লুত কৰে ।