বাঢ়নী পানীয়ে ভাঙিলে কাঠৰ দলং

198

লখিমপুৰ জিলাৰ নাওবৈছা সমষ্টিৰ অন্তগত কৰুনাবাৰী ব্লকৰ সমীপত অঘটন।

বাঢ়নী পানীয়ে ভাঙিলে লালুক কলেজ পথৰ পৰা মেনেহা সংযোগী কাঠৰ দলং খন।

প্ৰায় পাঁচখন গাঁৱৰ সৈতে যোগাযোগ বিচিন্ন হৈ পৰে।

ভয়ংকৰ দূৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰিল এতিয়া স্থানীয় ৰাইজ।
লখিমপুৰ জিলাৰ লালুক কলেজ ৰোড হৈ মেনেহা সংযোগী পথৰ মাজত থকা কাঠৰ দলংখন বৃহস্পতি বাৰে নিশা ভাঙি পৰে। যাৰ ফলত অঞ্চলটোৰ প্ৰায় পাঁচখন গাৱৰ যোগাযোগ বিচিন্ন হৈ পৰে।

পৰিতাপৰ কথা এইয়ে যে উক্ত দলংখন বৃহস্পতি বাৰৰ দিনৰ ভাগত যাতায়াতৰ সুবিধাৰ বাবে বিভাগীয় কতৃপক্ষৰ ফালৰ পৰা মেৰামতি কৰি দিছিল। কিন্তু মেৰামতিৰ ২৪ঘণ্টাও পাৰ ন’হল দলংখনৰ।

স্থানীয় ৰাইজে এই দলংখন অতি সোনকালে নিৰ্মান কৰি অঞ্চলটোৰ বাসিন্দা সকলৰ যাতায়াতৰ সুবিধা কৰি দিৱলৈ কতৃপক্ষক আবেদন জনাইছে।