ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ মউ বিধানসভা সমষ্টিৰ বিধায়ক মুখতাৰ আনছাৰীৰ গাজীপুৰত থকা হোটেল গজলত দেওবাৰে পুৱা বুলডজাৰ চলালে প্ৰশাসনে। অবৈধভাৱে নিৰ্মাণ কৰা এই হোটেলখনক লৈ দীৰ্ঘ সময় ধৰি চলি থকা আইনী প্ৰক্ৰিয়াৰ অন্তত দেওবাৰে ভাগি পেলোৱা হয় হোটেল গজল।
উল্লেখ্য যে, ৮ অক্টোবৰত এছডিএম সদৰে হোটেল গজল ভাগি পেলোৱাৰ বাবে প্ৰশাসনক নিৰ্দেশ দিছিল। এই নিৰ্দেশৰ পিছত হোটেল কৰ্তৃপক্ষই ডিএমৰ অধ্যক্ষতাত গঠিত ৮ সদস্যভুক্ত সমিতিত আবেদন দাখিল কৰে যদিও সেই আবেদন খাৰিজ কৰাৰ পিছতে দেওবাৰে বুলডজাৰ চলায় প্ৰশাসনে।
উল্লেখ্য যে, বিধায়ক মুখতাৰ আনছাৰীৰ বিৰুদ্ধে উত্থাপিত হৈ আহিছে বিভিন্ন অভিযোগ। উত্তৰ প্ৰদেশৰ মাফিয়া নেতাসকলৰ তালিকাত শীৰ্ষতে আছে আনছাৰীৰ নাম। হোটেল গজল খন মুখতাৰ আনছাৰীৰ পত্নী আৰু পুত্ৰৰ নামত আছিল।