ৰাজ্যত মুখ্যমন্ত্ৰীৰ নিৰ্দেশত দৈনিক গ্ৰেপ্তাৰ কৰা হৈছে অবৈধ স্বামী তথা বাল্য বিবাহৰ লগত জড়িত অভিযুক্ত।ইয়াৰ সমান্তৰাল ভাৱে বাল্য বিবাহ সন্দৰ্ভত আটক কৰা অবৈধ স্বামী তথা বাল্য বিবাহৰ লগত জড়িত অভিভাৱকক গ্ৰেপ্তাৰক লৈ বিভিন্ন স্তৰত প্ৰতিবাদ হৈ আহিছে।
বাল্য বিবাহ সংক্ৰান্তত কামৰূপ জিলাৰ নগৰবেৰা আৰক্ষীয়ে নিশা অভিযান চলাই গ্ৰেপ্তাৰ কৰে ১০ গৰাকী অভিযুক্তক। ইয়াৰে ৭ গৰাকী অবৈধ স্বামী আৰু আন ৩ গৰাকী অভিভাৱক। আটাইকেইজনকে কিছুসময় পূৰ্বে জেল হাজোতলৈ প্ৰেৰণ কৰে আৰক্ষীয়ে । ইপিনে অভিযুক্ত সকলক জেল হাজোতলৈ প্ৰেৰণ কৰা সময়তে থানা চৌহদত এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হয়। অভিযুক্ত সকলক গাড়ীৰে লৈ যোৱা অৱিস্থতে একাংশ পত্নীয়ে আৰক্ষীৰ গাড়ীৰ পিছে পিছে দৌৰি যায়। স্বামীক লৈ যোৱা গাড়ীত উঠিবলৈ চেষ্টা কৰে পত্নীয়ে। ইয়াৰোপৰি থানা চৌহদত পত্নী আৰু পৰিয়ালৰ লোক সকলে কান্দোনত ভাঙি পৰে। কেমেৰাৰ সন্মুখত বিভিন্নজনে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে বিষোদগাৰ কৰা দেখা যায়। স্বামীক জেললৈ প্ৰেৰণ কৰাত এগৰাকী পত্নী অচেতন হৈ পৰে। সমগ্ৰ ঘটনাই এক শোকাকুল পৰিৱেশৰ সৃষ্টি কৰিছে থানা চৌহদত।