বালিয়া হত্যাকাণ্ডৰ মুখ্য অভিযুক্তৰ পক্ষত থিয় হ’ল বিজেপি বিধায়ক, ক’লে- আত্মৰক্ষাৰ বাবে চলাইছিল গুলী

88

ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ বালিয়াত বিজেপি নেতাৰ দ্বাৰা সংঘটিত হত্যাকাণ্ডক ৰাজনীতিকৰণ কৰাত নামি পৰিছে একাংশ। আনফালে এই হত্যাকাণ্ডৰ মূল অভিযুক্ত বিজেপি নেতা ধীৰেন্দ্ৰ সিঙৰ পক্ষত থিয় দিছে বিজেপি বিধায়ক সুৰেন্দ্ৰ সিং। এটা ভিডিঅ’যোগে বিধায়কজনে এই সমস্ত ঘটনাক নিন্দনীয় বুলি গৰিহণা দিলেও আনফালে ধীৰেন্দ্ৰ সিঙে আত্মৰক্ষাৰ বাবে গুলীবৰ্ষণ কৰা বুলি মন্তব্য কৰে। তেওঁ কয় যে, সেই সময়ত ধীৰেন্দ্ৰ সিঙে গুলীবৰ্ষণ নকৰা হ’লে তেওঁৰ পৰিয়ালৰ ১২জনতকৈও অধিক লোকৰ প্ৰাণহানি হ’লহেঁতেন।

বিধায়ক সুৰেন্দ্ৰ সিঙে কয়, ‘এয়া নিন্দনীয়। কিন্তু আৰক্ষীয়ে এই ঘটনাৰ একপক্ষীয় তদন্ত কৰিলে নহ’ব। ধীৰেন্দ্ৰ সিঙে গুলীবৰ্ষণ নকৰা হ’লে পৰিয়ালৰ ১২ জনতকৈ অধিক লোকৰ প্ৰাণহানি হ’লহেঁতেন। আনহাতে এই ঘটনাত আহত হোৱা অইন পক্ষৰ লোকসকলৰ কথাও শুনা উচিত।’

উল্লেখ্য যে, উত্তৰ প্ৰদেশৰ বালিয়াত চৰকাৰী সুলভ মূল্যৰ গেলামালৰ দোকান আৱণ্টনৰ বাবে অনুষ্ঠিত অনুষ্ঠানৰ মাজত দুটা স্বেচ্ছাসেৱী সংগঠনৰ মাজত কথাৰ কটাকটি হৈছিল। সেই সময়তে বিজেপি নেতা তথা বিধায়ক সুৰেন্দ্ৰ সিঙৰ ঘনিষ্ঠ হিচাপে পৰিচিত ধীৰেন্দ্ৰ সিঙে কেইবাজাঁই গুলীবৰ্ষণ কৰে। সেই গুলীবৰ্ষণৰ পিছত সৃষ্টি হোৱা পৰিস্থিতিত বহু কেইজন লোক আহত হোৱাৰ লগতে জয় প্ৰকাশ পাল নামৰ এজন লোকৰ মৃত্যু ঘটে।