বালাৰচৰ ২য় খণ্ডত বনবিভাগৰ অভিযানত অবৈধ কাঠ মিলসহ লক্ষাধিক টকাৰ কাঠ জব্দ

68

বঙাইগাঁও জিলাৰ বালাৰচৰ ২য় খণ্ডত বনবিভাগৰ অভিযান ৷ অবৈধ কাঠ মিলসহ লক্ষাধিক টকাৰ কাঠ জব্দ ৷

গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত বনবিভাগৰ অভিযান ৷অবৈধ কাঠ মিল চলাই থকাৰ সময়তে জব্দ কৰে ৷ বনবিভাগৰ লোক উপস্থিত হোৱাত পলাই পত্ৰং দিয়ে কাঠ বেপাৰীসকলে ৷

জানিব পৰা মতে শশীমোহন সিংহাৰ নেতৃত্বত বনসুৰক্ষা বাহনি, বনবিভাগৰ বৃহৎ দলে অভিযান চলায়। উল্লেখ্য যে দীৰ্ঘদিন ধৰি দুষ্টচক্ৰই বালাৰচৰ ২য় খণ্ডত অবৈধ কাঠ মিল চলাই আছিল। অভিযানৰ সময়ত অবৈধ কাঠমিল, শ্বেলো মিছিং, কাঠৰ কুণ্ডা, চিৰাই কাঠ জব্দ কৰি বঙাইগাঁওলৈ লৈ যায়। বন মাফিয়াৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰাৰ লগতে অবৈধ কাঠ মিলৰ মালিকক কৰায়ত্ব কৰিব বুলি জানিব দিয়ে।