বাবৰি মছজিদ ধ্বংসকাণ্ডৰ ৰায়দানঃ দোষমুক্ত হ’ল আদৱানী, যোশীসহ ৩২ অভিযুক্ত

88

ডিজিটেল ডেস্কঃ ২৮ বছৰৰ অন্তত অৱশেষত ৰায় প্ৰদান কৰা হ’ল অযোধ্যাৰ বাবৰি মছজিদ ধ্বংসকাণ্ডৰ। লক্ষ্ণৌৰ বিশেষ চিবিআই আদালতে এই গোচৰৰ ৰায়দান কৰি লালকৃষ্ণ, আদৱালী, মুৰুলী মনোহৰ যোশী, নৃত্যগোপাল দাস, উমা ভাৰতীসহ আটাইকেইজন অভিযুক্তকে দোষমুক্ত ঘোষণা কৰে।

ৰায় প্ৰদান কৰি আদালতে কয় যে বাবৰি মছজিদ ধ্বংস পৰিকল্পিত নাছিল। আদলতে কয়, ‘অৰাজক শক্তিয়ে মছজিদ ধ্বংস কৰিছিল আৰু অভিযুক্ত এইসকল লোকে দুৰ্বৃত্তৰ দলটোক বাধা প্ৰদানৰ চেষ্টাহে কৰিছিল।’

উল্লেখ্য যে, ১৯৯২ চনত সংঘটিত বাবৰি মছজিদ ধ্বংসকাণ্ডৰ তদন্ত চলাই চিবিআইয়ে দাখিল কৰা অভিযোগনামাত কেইবাজনো হাই প্ৰফাইল নেতাসহ ৪৯ জনৰ নাম উল্লেখ কৰা হৈছিল। সেইসকল লোকৰ ভিতৰত আছিল বিজেপিৰ জ্যেষ্ঠ নেতা লালকৃষ্ণ আদৱানী, মুৰুলী মনোহৰ যোশী, উমা ভাৰতী, নৃত্য গোপাল দাস, কল্যাণ সিঙো। এই গোচৰত অভিযুক্ত ১৭ জনৰ ইতিমধ্যে মৃত্যু ঘটিছে। বাকী ৩২ জন অভিযুক্তক আজি দোষমুক্ত ঘোষণা কৰে বিশেষ চিবিআই আদালতে।