বাবৰি মছজিদ আছিল, আছে আৰু থাকিব : ৰাম মন্দিৰৰ ভূমিপূজনক লৈ আছাদুদ্দিন ওৱেছিৰ মন্তব্য

75

ষ্টাফৰিপৰ্টাৰ, বাবৰি মছজিদ আছিল, আছে আৰু থাকিব : ৰাম মন্দিৰৰ ভূমিপূজনক লৈ আছাদুদ্দিন ওৱেছিৰ মন্তব্য
আজি অযোধ্যাত ভূমিপূজনৰ জৰিয়তে আৰম্ভ হ’য় ৰাম মন্দিৰৰ নিৰ্মাণ। বহু বছৰৰ প্ৰতিক্ষাৰ অন্তত দেশবাসীয়ে এই ঐতিহাসিক মূহুৰ্তৰ সাক্ষী হোৱাৰ সুযোগ লাভ কৰিছে।
ভূমিপূজনৰ কাৰ্যসূচীৰ বাবে উত্তৰ প্ৰদেশৰ অযোধ্যা নগৰক কইনাৰ দৰে সজাই পৰাই তোলা হৈছে। কিন্তু এই ঐতিহাসিক ক্ষণৰ ঠিক আগ মূহুৰ্তত অল ইণ্ডিয়া মজলিছ-এ-ইট্টেহাদুল মুছলিমিনৰ নেতা আছাদুদ্দিন ওৱেছিয়ে এক গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে।
ওৱেছিয়ে আজি টুইটাৰযোগে কয়, ‍‘বাবৰি মছজিদ আছিল, আছে আৰু থাকিব ইনছাল্লাহ’। লগতে তেওঁ ‍‘বাবৰি জিন্দা হে’ শীৰ্ষক হেছটেগ ব্যৱহাৰ কৰে।