বাবা কা ধাবাৰ দুৰাৱস্থা! ৰেষ্টুৰেণ্ট এৰি পুনৰ ফুটপাথৰ দাঁতিলৈ অহাৰ যো-জা কান্তা প্ৰসাদৰ…

96

হঠাৎ নাম-যশ, টকা লাভ কৰি অংহকাৰত মত্ত হৈ পৰা বাবা কা ধাবাৰ মালিক কান্তা প্ৰসাদৰ জীৱনলৈ পুনৰ নামি আহিছে আৰ্থিক দুৰাৱস্থা। যোৱাটো লকডাউনৰ সময়ত গৌৰৱ বাচান নামৰ এজন ইউটিউবাৰে বাবা কা ধাবাৰ বিষয়ে নিজৰ ইউটিউব চেনেলেৰে প্ৰকাশ কৰা কান্তা প্ৰসাদৰ বাবে ভিউৱাৰ্ছৰ পৰা সহায় বিচাৰিছিল।

গৌৰৱ বাচানৰ এই আহ্বানৰ পিছতে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা আৰ্থিক সহায় লাভ কৰিছিল কান্তা প্ৰসাদে। মাত্ৰ কেইটামান দিনৰ ভিতৰতে ৪৫ লাখতকৈ অধিক টকা জমা হৈছিল কান্তা প্ৰসাদৰ বেংক একাউণ্টত। কিন্তু টকা লাভ কৰি অহংকাৰী হৈ উঠা কান্তা প্ৰসাদে অৱশেষত তেওঁক জনসমাজৰ সৈতে পৰিচয় কৰাই দিয়া গৌৰৱ বাচানৰ বিৰুদ্ধেও অভিযোগ উত্থাপন কৰে ধন আত্মসাতৰ।

আনফালে বিভিন্ন জনৰ পৰা লাভ কৰা আৰ্থিক সহায়েৰে বাবা কা ধাবাৰ মালিক কান্তা প্ৰসাদে কিছুদিন পূৰ্বে ৰেষ্টুৰেণ্ট আৰম্ভ কৰে। কিন্তু শেহতীয়া কোভিড পৰিস্থিতিৰ বাবে বজাৰত দেখা দিয়া মণ্ডাৱস্থাৰ প্ৰভাৱ পৰে কান্তা প্ৰসাদৰ ওপৰতো। ৰেষ্টুৰেণ্টৰ খা-খৰছৰ উপৰিও কৰ্মচাৰীৰ দৰমহা আদি মিলাই তেওঁৰ প্ৰতিমাহে খৰছ হয় ১.৫ লাখ টকা। কিন্তু বৰ্তমান পৰিস্থিতিত আৰ্থিক দুৰাৱস্থাৰ বাবে এতিয়া বন্ধ হৈ পৰাৰ উপক্ৰম ঘটিছে কান্তা প্ৰসাদৰ ৰেষ্টুৰেণ্ট খন।

এনে পৰিস্থিতিত পুনৰ ফুটপাথৰ দাঁতিতে পূূৰ্বৰ দৰে বাবা কা ধাবা খোলাৰ বাবে কান্তা প্ৰসাদ আগবঢ়া বুলি চৰ্চা চলিছে। কিন্তু এই খবৰৰ পিছতো পিছে এইবাৰ কান্তা প্ৰসাদৰ প্ৰতি মানুহৰ মনত সহানুভূতি পৰিলক্ষিত হোৱা নাই।