বান পিড়ীত সকলৰ বাবে সহায়ৰ হাত আগবঢ়াইছে বিৰাট কোহলী আৰু অনুষ্কা শর্মাই

83

ষ্টাফৰিপৰ্টাৰ, বান পিড়ীত সকলৰ বাবে সহায়ৰ হাত আগবঢ়াইছে ভাৰতীয় ক্ৰিকেট তাৰকা বিৰাট কোহলী আৰু অভিনেত্ৰী অনুষ্কা শর্মাই।
বান পিড়ীত সকলৰ বাবে কাম কৰি থকা তিনিটা সংস্থাৰ হাতত বিৰাট আৰু অনুষ্কাই প্ৰদান কৰিছে সাহাৰ্য্য ।বিৰাট আৰু অনুষ্কাই এই কথা ছ’চিয়েল মিডিয়া একাউণ্টৰ জৰিয়তে প্ৰচাৰ কৰিছে লগতে সকলোকে বান পিড়ীত সকলক সহায়ৰ বাবে আহিবলৈ আহ্বান জনাইছে।

বিৰাট আৰু অনুষ্কাই ছ’চিয়েল মিডিয়া একাউণ্টৰ জৰিয়তে লিখিছে যে ” আমাৰ দেশে এই সময়ত কৰ’ণাৰ বিৰুদ্ধে যুঁজ দি আছে। ইয়াৰ মাজতে অসম আৰু বিহাৰৰ লোক সকলে বানপানীৰ লগত যুঁজি আছে। ইয়াৰ দ্বাৰা বহু লোক ক্ষতিগ্ৰস্ত হৈছে। আমি বিহাৰ আৰু অসমৰ জনতাৰ বাবে প্ৰাৰ্থনা কৰি থাকিম । আমি শপত লৈছো যে প্ৰয়োজন অনুসৰি সকলো লোককে সহায় কৰিম। লগতে এই পোষ্টটোৰ জৰিয়তে আন লোককে অসম আৰু বিহাৰৰ বান পিড়ীত সকললৈ সহায় কৰিবলৈ অনুৰোধ জনায় বিৰাট আৰু অনুষ্কাই।