বানৰ বিভীষিকাময় পৰিস্থিতিৰ মাজতেই ধিঙত বাঘৰ আতংক

116

বানৰ বিভীষিকাময় পৰিস্থিতিৰ মাজতেই ধিঙত বাঘৰ আতংক।

ধিঙৰ সমীপৱৰ্তী জুৰিয়া থানাৰ অন্তৰ্গত জেঙনিত বাঘৰ আক্ৰমণত আহত দুই।

আহত কেইজনক নগাঁৱৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি।

দুয়োজনৰে অৱস্থা সংকট জনক হোৱাত নগাওঁ ডিও কেয়াৰ নামৰ ব্যক্তিগত চিকিৎসালয়ৰ আই চি ইউত স্থানান্তৰ কৰা হয়।

আহত দুজন ক্ৰমে জেঙনি গাঁৱৰ আব্দুল আজিত (৫৫) আৰু দক্ষিণ কলাডুবা গাঁৱৰ আক্তাৰ আলী(২৬) ইয়াৰে আক্তাৰ আলীৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।

আজি পোৱা প্ৰায় ৭মান বজাত জেঙনি গাঁৱৰ মাজত থকা প্ৰাথমিক বিদ্যালয়ৰ ওচৰৰ পথাৰত পথাৰলৈ যোৱা ব্যক্তি দুজনক অতৰ্কিতে আক্ৰমণ চলায়।

বান পানীৰ ফলত লাওখোৱা অভয়াৰণ্যৰ পৰা ওলাই আহি জনাঞ্চলত প্ৰৱেশ কৰি আক্ৰমণ চলায় নাহৰ ফুটুকীটোৱে।

কেবাটাও বাঘ থকাৰ সন্দেহ স্থানীয় ৰাইজৰ।