কেন্দ্ৰীয় ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে দেওবাৰে বানপীড়িত ডিমা হাচাওৰ ৰে’ল পথ পুনৰ মেৰামতিৰ বাবে ১৮০ কোটি টকাৰ পেকেজ ঘোষণা কৰে।
দেওবাৰে কেন্দ্রীয় মন্ত্রী আৰু অসমৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাৰ মাজত হোৱা আলোচনাৰ পাছতে এই পেকেজ অনুমোদন কৰা হয়৷
১০ জুলাইৰ ভিতৰত পুনৰ মেৰামতিৰ কাম সম্পূৰ্ণ হ’ব বুলিও আশ্বাস দিয়ে মন্ত্ৰীগৰাকীয়ে।
টুইটাৰত মুখ্যমন্ত্ৰী শৰ্মাই লিখিছে, “নতুন দিল্লীত মাননীয় কেন্দ্ৰীয় ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱক লগ পাই আনন্দিত হৈছো। শ্বেয়াৰ কৰি সুখী যে ৰে’ল মন্ত্ৰনালয়ে ডিমা হাচাওত বানপানী আৰু ভূমিস্খলনৰ ফলত বিধ্বস্ত হোৱা ৰেলৱে পথ পুনৰ মেৰামতিৰ বাবে 180 কোটি টকা অনুমোদন দিছে। লগতে ১০ জুলাইৰ ভিতৰত কাম সম্পূৰ্ণ কৰাৰ আশ্বাস প্ৰদান কৰে।”
ডিমা হাচাও জিলাত ধাৰাসাৰ বৰষুণৰ বাবে একাধিক ভূমিস্খলনৰ লগতে আকস্মিক বানপানীৰ ফলত ৰে’ল যোগাযোগত ব্যাঘাত জন্মিছে৷
খবৰ অনুসৰি, কাপুৰচেৰাৰ সমীপৰ ঘাইপথলৈ পানী বৃদ্ধি পোৱাত হাফলঙৰ পৰা শিলচৰ সংযোগী পথটো সম্পূৰ্ণৰূপে কৰ্তন কৰা হৈছে। হাফলং-লংকা পথটোও বহু ঠাইত কৰ্তন কৰা হৈছে।
উত্তৰ-পূব সীমান্ত ৰে’লৱে (এন এফ আৰ)ৰ পৰা প্ৰকাশিত এক প্ৰেছ বিজ্ঞপ্তি অনুসৰি, ক্ষতিগ্ৰস্ত অংশটোৰ ওপৰত সমগ্ৰ যন্ত্ৰপাতি আৰু ৰে’ল সেৱা নিয়ন্ত্ৰণ কৰাৰ সময়তে ডিট’কচেৰা আৰু নিউ হাফলং ষ্টেচনত হোৱা আকস্মিক বানপানীত দুখন ৰে’ল আবদ্ধ হৈ পৰে।
ক্ষিপ্ৰতাৰে কাম কৰি ভাৰতীয় বায়ুসেনাই দিতোকচেৰাত আবদ্ধ হৈ থকা শিলচৰ-গুৱাহাটী ৰে’লখনৰ পৰা কমেও ১১৯ জন যাত্ৰীক বিমান পৰিবহণৰে উদ্ধাৰ কৰে।
