বানপানী সমস্যা সমাধানৰ বাবে উত্তৰ-পূবত ৫০ টা ডাঙৰ পুখুৰী খন্দোৱাৰ পোষকতা অমিত শ্বাহৰ

257
(FILES) In this file photo taken on February 1, 2020, India's Home Minister Amit Shah gestures as he arrives at the Parliament House in New Delhi. - India’s powerful Home Minister Amit Shah -- Prime Minister Narendra Modi's right-hand man – tweeted on August 2 that he had tested positive for the coronavirus and admitted himself to hospital on the advice of doctors even though “my health is fine”. (Photo by Prakash SINGH / AFP)

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে দেওবাৰে কয় যে বানপানীৰ মোকাবিলা কৰিবলৈ আৰু কৃষি, জলসিঞ্চন আৰু পৰ্যটনৰ বিকাশৰ বাবে ব্ৰহ্মপুত্ৰ নদীৰ পানীৰ গতি সলনি কৰিবলৈ উত্তৰ-পূবত কমেও ৫০ টা ডাঙৰ পুখুৰী খান্দিব লাগে। বাৰিষাকালত বান ব্যৱস্থাপনাৰ প্ৰস্তুতি পৰ্যালোচনা কৰিবলৈ এখন বৈঠকত সভাপতিত্ব কৰাৰ সময়ত শ্বাহে বান আৰু পানী ব্যৱস্থাপনাৰ বাবে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ইছৰো)ৰ দ্বাৰা প্ৰদান কৰা উপগ্ৰহ ছবিৰ সৰ্বোত্তম ব্যৱহাৰৰ ওপৰতো গুৰুত্ব আৰোপ কৰে। তেওঁ গ্লেচিয়েল লেক এস্প্ৰেছ ফ্লাড (জিএলঅ’এফ)ৰ সৈতে মোকাবিলা কৰাৰ প্ৰস্তুতিৰ পৰ্যালোচনা কৰে। শ্বাহে কয় যে বানপানীৰ উন্নত ব্যৱস্থাপনাৰ বাবে নদীসমূহৰ পানীৰ স্তৰৰ পূৰ্বানুমান প্ৰণালী উন্নত কৰাৰ প্ৰয়াস কৰা উচিত। কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে কয় যে উত্তৰ-পূবত কমেও ৫০ টা ডাঙৰ পুখুৰী খান্দিব লাগে, যাতে ব্ৰহ্মপুত্ৰ নদীৰ পানী এই পুখুৰীবোৰত সলনি কৰি সংৰক্ষণ কৰিব পৰা যায়। তেওঁ কয় যে ইয়াৰ ফলত কম খৰচত সেই অঞ্চলসমূহত কৃষি, জলসিঞ্চন আৰু পৰ্যটনৰ বিকাশত সহায় হ’ব আৰু বানপানীৰ মোকাবিলা কৰাত সহায় হ’ব, যাৰ ফলত অৱশেষত স্থানীয় অৰ্থনীতি লাভান্বিত হ’ব।