বানত বিধ্বস্ত অন্ধ্ৰপ্ৰদেশ, জলমগ্ন তিৰুমালাৰ মন্দিৰৰ বিগ্ৰহ

100

ডিজিটেল ডেস্কঃ প্ৰবল বৃষ্টিপাতত বিপৰ্যস্ত অন্ধ্ৰ প্ৰদেশ। বৃহস্পতিবাৰে মন্দিৰ নগৰী তিৰুপতিত সৃষ্টি হয় বানসদৃশ পৰিস্থিতিৰ। তিৰুমালাৰ জাপালি অঞ্জনেৰ স্বামী মন্দিৰটোও বানত প্লাবিত হৈছে। আনকি জলমগ্ন হৈছে মন্দিৰৰ বিগ্ৰহও। ফলস্বৰূপে, হাজাৰ হাজাৰ তীৰ্থযাত্ৰী তিৰুমালা পাহাৰত আৱদ্ধ হৈ পৰিছে। প্ৰবল বৰষুণৰ ফলত ভেংকটেশ্বৰৰ দৰ্শন বন্ধ কৰিব লগা হৈছে। মন্দিৰ কৰ্তৃপক্ষই আবদ্ধ হৈ পৰা দৰ্শনাৰ্থীৰ সুবিধাৰ বাবে বিশেষ লংগৰখানা মুকলি কৰিছে। প্ৰশাসনেও উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। ইফালে, বতৰ বিভাগে সতৰ্কবাণী জাৰি কৰিছে যে অন্ধ্ৰপ্ৰদেশৰ কেইবাখনো জিলাত শুকুৰবাৰে পুনৰ ধাৰাসাৰ বৰষুণ হব পাৰে।

বৃহস্পতিবাৰে ধাৰাসাৰ বৰষুণৰ ফলত তিৰুপতি প্লাবিত হৈ পৰে। তিৰুপতি, তিৰুমালাকে ধৰি চিত্তুৰ জিলাৰ কেইবাটাও এলেকাত পানীৰ স্তৰ বিপদসীমাৰ ওপৰলৈ বৃদ্ধি হয়। ফলস্বৰূপে স্থানীয় বাসিন্দাসকলক তেওঁলোকৰ ঘৰ এৰি সুৰক্ষিত স্থানলৈ যাবলৈ নিৰ্দেশ দিয়া হৈছে। বান পানী আৰু ভূমিস্খলনৰ বাবে তিৰুমালা পাহাৰলৈ যোৱা দুটা পথো সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছে। মন্দিৰৰ পৰা আলিপীলৈ যোৱা পথটোও অৱৰোধ কৰা হৈছে। খবৰ অনুসৰি ৰেনিগুণ্টাৰ তিৰুপতি আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ ভিতৰতো পানী সোমাইছে। যাৰ ফলত বিমানৰ চলাচল বাতিল কৰা হয়। পৰৱৰ্তী নিৰ্দেশ নোহোৱালৈকে বিমানবন্দৰটো বন্ধ ৰখা হ’ব বুলি কোৱা হৈছে।

অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী ৱাইএছ জগন মোহন ৰেড্ডীয়ে বৃহস্পতিবাৰে পৰিস্থিতি পৰ্যালোচনা কৰাৰ পিছত চিত্তুৰ জিলা উপায়ুক্ত এম হৰিনাৰায়ণৰ সৈতে এখন বৈঠকত মিলিত হয়। বানৰ ফলত সৃষ্টি হব পৰা যিকোনো পৰিস্থিতিৰ বাবে সাজু থাকিবলৈ প্ৰশাসনক নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰীয়ে।