বানত ক্ষতিগ্ৰস্ত ৰাইজক ক্ষতিপূৰণ নিদিয়ালৈকে ক্ষান্ত নহও:অখিল গগৈ

232


ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে আজি সৰুক্ষেত্ৰী সমষ্টিৰ বিভিন্ন বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰি বানাক্ৰান্ত সকলৰ সমস্যাৰ বুজ লয়।
ৰাইজৰ দলৰ নেতা গৰাকীয়ে অভিযোগ কৰে যে বন্যাৰ্ত তথা শিবিৰত থকা লোকসকলক চৰকাৰে যথোচিত সাহায্য দিয়া নাই ।
তেওঁ চৰকাৰক বানত ক্ষতিগ্ৰস্ত ৰাইজক উপযুক্ত ক্ষতিপূৰণ দিবলৈ দাবী জনায় আৰু ৰাইজক ক্ষতিপূৰণ নিদিয়ালৈকে চৰকাৰক ৰেহাই নিদিয়ে ।
উল্লেখযোগ্য যে অখিল গগৈসহ ৰাইজৰ দলৰ এটা প্ৰতিনিধিয়ে সৰুক্ষেত্ৰী সমষ্টিৰ সৰ্থেবাৰী,ভক্তৰডোবা, বালাপাৰা আদি বানাক্ৰান্ত অঞ্চলত উপস্থিত হৈ ৰাইজৰ লগত মত বিনিময় কৰে ।