বানত ককবকাইছে সৰ্থেবাৰীৰ বাসিন্দাসকলে। বানপানীয়ে হাবুডুবু খুৱাইছে সৰ্থেবাৰীবাসীক । এতিয়াও বহুলোকৰ ঘৰৰ ভিতৰত একঁকাল পানী ।
আজি পাঁচদিন ধৰি বিদ্যুৎযোগান সম্পূৰ্ণ বন্ধ হৈ পৰিছে।যাৰ বাবে হাহাকাৰ হৈ পৰিছে বানাক্ৰান্ত সকল।
খোৱাপানীৰ বাবে সৰ্বত্ৰ হাহাকাৰ সকলো ফালে।
লঘোনে-ভোকে দিন কটাইছে বন্যাৰ্তসকলে ।
তথাপি নিৰ্বকাৰ চৰকাৰ-প্ৰশাসন।
আজি পঞ্চম দিনাও তৃষ্ণাৰ্ত-ক্ষুধাতুৰ বন্যাৰ্তসকলক এটুপি পানী,সামান্য খাদ্য যোগান ধৰিবলৈ সমৰ্থ হোৱা নাই সততে পৰিৱৰ্তনৰ,উন্নয়নৰ শ্লোগান আওৰোৱা চৰকাৰখনে ।

