বাণিজ্যৰ স্নাতক গো-পালকৰ স্বাৱলম্বিতাৰ অপুৰ্ব নিদৰ্শন দাঙি ধৰিলে দ্বীপৰ বিলৰ চকৰ্দোৰ প্ৰমোদ কলিতাই

81

মন কৰিলে চন, বাকৰা মাটিটো ধন, বাক্যশাৰীয়ে বৰ্তমান বিজ্ঞানৰ যুগতো বহুতক জীয়াই থকাৰ বাবে জীৱিকাৰ নতুন নতুন পথৰ সন্ধান দি আহিছে । বহুতে এই বাক্যশাৰীয়ে উদ্বুদ্ধ হৈ জীৱিকাৰ ন ন ক্ষেত্ৰৰ সন্ধান কৰি সফল হোৱাৰ লগতে নিজৰ উপৰিও আনকো কৰ্মসংস্থাপনৰ বাট দেখুৱাবলৈ সক্ষম হৈছে। তাৰসমান্তৰালভাৱে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ আত্মনিৰ্ভৰশীল অসমৰ অন্যতম নিদৰ্শন দাঙি ধৰিছে গুৱাহাটীৰ সমীপৱৰ্তী দীপৰ বিলৰ পাৰৰ চকৰ্দৌ কলিতাপাৰাৰ প্ৰমোদ কলিতাই ।

কলিতাই ২০০৭ চনত ধাৰাপুৰ চাৰিআলিৰ পশ্চিম গুৱাহাটী মহাবিদ্যালয়ৰ পৰা একাউণ্টটেণ্সি বিষয়ত মেজৰ লৈ সুখ্যাতিৰে বাণিজ্য বিভাগত (বি.কম) স্নাতক ডিগ্ৰী লাভ কৰি পঢ়ি থকা দিনৰে পৰা স্বাধীনভাৱে কিবা এটা কৰাৰ হেপাঁহ মনত পুহি ৰাখিছিল। যাৰ বাবে ২০০৯-১০ ত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত ঠিকাভিত্তিক চাকৰি লাভ কৰিও তেওঁ উক্ত চাকৰিত যোগদান নকৰিলে ।

উচ্চশিক্ষিত হৈ চৰকাৰী চাকৰিৰ আশাত বন্দী নহৈ গো-পালনেৰে কলিতাই স্বাৱলম্বী হোৱাৰ লগতে আন দুজন লোকক সংস্থাপন দিছে । পূৰ্বতে তেওঁ টেণ্ট হাউচৰ ব্যৱসায় আৰম্ভ কৰিছিল যদিও কিছু লোকচানৰ সন্মুখীন হয় যদিও হতাশ নহৈ কলিতাই ২০১৭-১৮ ৰ পৰা বাণিজ্যিক ভাবে গো-পালন আৰম্ভ কৰে । চাৰিটা গৰুৰে নিজ ঘৰৰ চৌহদত আৰম্ভ কৰা উক্ত ব্যৱসায়ত বৰ্তমান পোৱালিসহ গৰুৰ সংখ্যা ১০২ টা । ২ জন শ্ৰমিক গৰুৰ ঘাঁহ কটা, গোহালী চাফ-চিকুন কৰা, দানা প্ৰস্তুত কৰা আদি কামত নিয়োজিত কৰা প্ৰমোদ কলিতাই নিজ হাতে গৰুৰ গাখীৰ ক্ষীৰাই । দৈনিক প্ৰায় ৫৫ লিটাৰ গাখীৰ উৎপাদন হয় বুলি কলিতাই জানিবলৈ দিয়াৰ লগতে দুই লিটাৰ ঘৰত খোৱাৰ বাবে আৰু বাকীখিনি অৰ্ধাংশ কেঁচা গাখীৰ হিচাপে আৰু আন অৰ্ধাংশ দৈ, পনীৰ, ঘি বনাই বিক্ৰী কৰে বুলি কলিতাই কয় । যাৱতীয় খৰচ বাদ দি কলিতাই প্ৰতি মাহে প্ৰায় ২৫ হাজাৰ টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে ।