বাটৰ কুকুৰৰ আক্ৰমণত দুদিনৰ ভিতৰত মৃত্যু দুই কণমানি ভাতৃৰ…

70

বাটৰ কুকুৰৰ আক্ৰমণত দুদিনৰ ভিতৰত অকাল মৃত্যুক সাৱটিলে দুই কণমানি ভাতৃয়ে।

এই মৰ্মান্তিক ঘটনাত এতিয়া শোকস্তব্ধ হৈ পৰিছে পৰিয়াল আৰু গাঁওবাসী।

জ্যেষ্ঠ ভাতৃৰ কুকুৰৰ আক্ৰমণত মৃত্যু ঘটাৰ দুদিন পিছতে মৃত্যু ঘটে কনিষ্ঠজনৰো।

এই ঘটনা সংঘটিত হৈছে দক্ষিণ-পশ্চিম দিল্লীৰ বসন্ত কুঞ্জ অঞ্চলত।

নিহত কণমানি ভাতৃদ্বয়ক আনন্দ (৭) আৰু আদিত্য (৫) বুলি চিনাক্ত কৰা হৈছে।

জানিব পৰা মতে, বসন্ত কুঞ্জৰ সিন্ধী বস্তিৰ এটা বস্তি এলেকাত পিতৃ-মাতৃৰ সৈতে বাস কৰিছিল আনন্দ আৰু আদিত্যই।

যোৱা ১০ মাৰ্চৰ বিয়লিৰ পৰা আনন্দ নিৰুদ্দেশ হৈ আছিল।

পৰিয়ালৰ লোকে এই বিষয়ে আৰক্ষীক অৱগত কৰাত আৰক্ষীয়ে অভিযান চলাই বস্তি এলেকাৰ গাতে লাগি থকা জংঘলৰ এক নিৰ্জন স্থানৰ দেৱালৰ সমীপত উদ্ধাৰ হয় শিশুটিৰ মৃতদেহ।

গাৰ কেইবাস্থানতো জন্তুৰ কামোৰৰ চিন থকা আনন্দক সেই অঞ্চলটোত ঘূৰি ফুৰা অঘৰী কুকুৰে হত্যা কৰা বুলি নিশ্চিত কৰে আৰক্ষী আৰু অঞ্চলবাসীয়ে।

ইফালে এই ঘটনাৰ দুদিন পিছতে আনন্দৰ ভাতৃ আদিত্যই সম্পৰ্কীয় ভাতৃ চন্দন (২৪)ৰ সৈতে জংঘললৈ শৌচ কৰিবলৈ গৈছিল।

কিছু সময়ৰ বাবে চন্দনে শিশুটিক অকলশৰে এৰি অহাৰ পিছতে ক্ষত বিক্ষত অৱস্থাত উদ্ধাৰ হয় আদিত্যৰো মৃতদেহ।

বাটৰ কুকুৰে ঘেৰি ধৰি ৰখা আদিত্যৰ মৃতদেহটো পৰৱৰ্তী সময়ত আৰক্ষীয়ে উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

বস্তিবাসীয়ে জানিবলৈ দিয়া মতে, সেই অঞ্চলটোত ঘূৰি ফুৰা অসংখ্য অঘৰী কুকুৰে প্ৰায়ে হাঁহ-কুকুৰা আৰু গাহৰিক আক্ৰমণ কৰি আহিছিল।

আনহাতে কুকুৰৰ আক্ৰমণত পূৰ্বেও বস্তি এলেকাটোৰ কেইবাটাও শিশু আহত হৈছিল।