শেহতীয়াকৈ সমাপ্ত মাজুলী উপ-নিৰ্বাচনত নিৰ্বাচিত হোৱা অসম বিজেপিৰ বিধায়ক ভুৱন গামে সোমবাৰে অসম বিধানসভাৰ বিধায়ক হিচাপে শপত গ্ৰহণ কৰে।
বাজেট অধিৱেশনৰ প্ৰথম দিনাই অধ্যক্ষ বিশ্বজিত দৈমাৰীয়ে শপত গ্ৰহণ কৰোৱায়।
উপ-নিৰ্বাচনত ভূবন গামে অসম জাতিয় পৰিষদৰ (এজেপি) যুটীয়া বিৰোধী প্ৰাৰ্থী চিত্তৰঞ্জন বসুমতাৰীক ৪১,৮৬০ টা ভোটৰ বৃহৎ ব্যৱধানত পৰাস্ত কৰি বিজয়ী হয়।
অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কেন্দ্ৰীয় মন্ত্ৰীসভাত অন্তৰ্ভুক্ত হোৱাৰ পিছত যোৱা বছৰ ছেপ্টেম্বৰত মাজুলী আসনৰ পৰা পদত্যাগ কৰিছিল। আসনখন তেতিয়াৰ পৰা খালী হৈ আছিল। সোণোৱাল ২০১৬ আৰু ২০২১ চনত একেৰাহে দুটা কাৰ্যকালৰ বাবে মাজুলীৰ বিধায়ক আছিল।
উপ-নিৰ্বাচনত গামৰ বিজয়ৰ সৈতে, ১২৬ জনীয়া অসম বিধানসভাত বিজেপিৰ শক্তি ৬৩ লৈ বৃদ্ধি পাইছে। আনহাতে ইয়াৰ সহযোগী দল অগপৰ ৯ জন আৰু ইউপিপিএলৰ ৭ জন বিধায়ক আছে।