বাজেট অধিৱেশনৰ প্ৰথম দিনটোতেই অখিল গগৈসহ বিৰোধীৰ সদন ত্যাগ

65

গুৱাহাটীঃ অসম বিধানসভাৰ প্ৰথমখন বাজেট অধিৱেশনৰ প্ৰথমটো দিনতেই সদন ত্যাগ কৰিলে অখিল গগৈসহ বিৰোধী বিধায়কে। মূল্যবৃদ্ধি সম্পৰ্কে সদনত আলোচনাৰ অনুমতি অধ্যক্ষই প্ৰদান কৰাৰ বাবেই সদন ত্যাগ কৰি প্ৰতিবাদ সাব্যস্ত কৰে বিৰোধী বিধায়কসকলে।

বাজেট অধিৱেশনৰ প্ৰথম দিনটোতেই বিৰোধীয়ে মূল্যবৃদ্ধিৰ ওপৰত আলোচনা বিচাৰি সদনত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। বিৰোধীয়ে সভা স্থগিত ৰখাৰ প্ৰস্তাৱ দাখিল কৰে যদিও অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে বিৰোধীৰ প্ৰস্তাৱক উপেক্ষা কৰাত বিৰোধী বিধায়কসকলে সদন ত্যাগ কৰে।

ইফালে সদন ত্যাগ কৰাৰ পিছত শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰি এয়া অগণতান্ত্ৰিক আৰু ফেচিবাদীৰ চৰকাৰ বুলি অভিহিত কৰে। তেওঁ কয় যে তেওঁ সদনত কথা কব বিচাৰিলেও শাসক পক্ষই চিঞৰ বাখৰ কৰি তেওঁক বাধা প্ৰদান কৰে।