বাজেট অধিৱেশনৰ পিছতে বিজেপিত যোগ দিব থাওৰাৰ বিধায়ক সুশান্ত বুঢ়াগোহাঁইয়ে

139

গুৱাহাটীঃ অসমত যেন চন্দপতন ঘটিছে কংগ্ৰেছৰ। অজন্তা নেওগ, ৰূপজ্যোতি কুৰ্মীৰ দৰে জ্যেষ্ঠ নেতাই দলত্যাগ কৰি বিজেপিত যোগ দিয়াৰ পিছত এইবাৰ আনএগৰাকী জ্যেষ্ঠ কংগ্ৰেছী নেতা তথা বিধায়কে বিজেপলৈ গমন কৰাটো নিশ্চিত হৈ পৰিছে।

থাওৰা সমষ্টিৰ বিধায়ক সুশান্ত বুঢ়াগোহাঁইয়ে কিছু দিন পূৰ্বৰে পৰাই বিজেপিত যোগ দিব বুলি চৰ্চা চলি আছিল। আনকি বিজেপিৰ কেইবাগৰাকীও শীৰ্ষ নেতাই কংগ্ৰেছ বিধায়কগৰাকীৰ বিজেপি যোগদানৰ চৰ্চাত মোহৰ লগাইছিল। শেহতীয়াকৈ সুশান্ত বুঢ়াগোঁহাইয়ে আগষ্টলৈকে বিজেপিত যোগদান নকৰে বুলি আন এক চৰ্চা চলিছিল।

কিন্তু এই সমস্ত চৰ্চাৰ অৱসান ঘটাই বিধানসভাৰ বাজেট অধিৱেশন সামৰণি পৰাৰ ঠিক পিছতেই তেওঁ বিজেপিত যোগ দিব বুলি ইতিমধ্যে নিশ্চিত হৈছে। ৰূপজ্যোতি কুৰ্মীৰ পিছত সুশান্ত বুঢ়াগোঁহাইৰ দৰে এগৰাকী জ্যেষ্ঠ বিধায়কে এনেদৰে দলত্যাগ কৰিলে এয়া কংগ্ৰেছৰ বাবে এক মোক্ষম আঘাত হব বুলি মন্তব্য কৰিছে ৰাজনৈতিক বিশ্লেষকসকলে।