বাছ-কাৰৰ ভয়ংকৰ সংঘৰ্ষ! শি্শুসহ ১১ জনৰ কৰুণ মৃত্যু

214

মধ্যপ্ৰদেশৰ বেতুল জিলাৰ ঝল্লাৰত শুকুৰবাৰে পুৱতি নিশা এখন এছইউভি বাহনে নিয়ন্ত্ৰণ হেৰুৱাই এখন খালী বাছত খুন্দা মৰাত দুটি শিশুকে ধৰি এঘাৰজন লোকৰ মৃত্যু হয়।

বেতুল আৰক্ষীৰ কণ্ট্ৰল ৰুমৰ সহকাৰী উপ পৰিদৰ্শক শিৱৰাজ সিং ঠাকুৰৰ মতে, জিলা সদৰৰ পৰা প্ৰায় ৩৬ কিলোমিটাৰ দূৰত্বত থকা ভাইন্সদেহী পথত সংঘটিত হয় এই দুৰ্ঘটনা।

তেওঁ কয় যে পুৱতি নিশা প্ৰায় ২ বজাত সংঘটিত হোৱা দুৰ্ঘটনাটোত ছয়জন পুৰুষ, তিনিগৰাকী মহিলা আৰু দুটি শিশুৰ থিতাতে মৃত্যু হয়।

নিহত সকল শ্ৰমিক হিচাপে কৰ্মৰত আছিল বুলি জানিব পৰা গৈছে।

ঘটনাস্থলীত পৰৱৰ্তী সময়ত আৰক্ষীৰ দল উপস্থিত হৈ মৃতদেহ কেইটা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

চালকে টোপনি যোৱাৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে।