মঙলবাৰে আৰক্ষীয়ে জনোৱা মতে, কৰ্ণাটকত এক পথ দুৰ্ঘটনাত ৭ জন লোক নিহত হোৱাৰ লগতে ২৬ জন লোক আহত হয়।
কৰ্ণাটকৰ হুবলী চহৰৰ উপকণ্ঠ অঞ্চলত এখন যাত্ৰীবাহী বাছ আৰু এখন লৰীৰ মাজত সংঘটিত মুখামুখি সংঘৰ্ষত প্ৰাণ হেৰুৱায় ৭জনকৈ লোকে।
আৰক্ষীয়ে জনোৱা মতে, বাছ আৰু লৰী দুয়োখনৰে চালক থিতাতে নিহত হয়। আহত সকলক ততাতৈয়াকৈ হুবলীৰ কিমছ হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে য’ত চিকিৎসাধীন হৈ আছে বুলি তেওঁলোকে জনায়।
আৰক্ষীৰ মতে, বাছখন বেংগালুৰু অভিমুখে গৈ আছিল আৰু কলহাপুৰৰ পৰা আহি আছিল, সেই সময়তে ল’ৰীখন ধৰৱাড অভিমুখে গৈ থকাৰ সময়তে মাজনিশা প্ৰায় ১২.৩০ বজাৰ পৰা ১ বজাৰ ভিতৰত সংঘটিত হয় এই সংঘৰ্ষ।
বাছ চালকজনে এখন ট্ৰেক্টৰ অভাৰটেক কৰিবলৈ গৈ থকাৰ সময়তে সংঘটিত হয় এই দুৰ্ঘটনা।
ইফালে আৰক্ষীয়ে এফ আই আৰ দাখিল কৰি দুৰ্ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে।
