কৰ্ণাটকৰ কালাবুৰাগীত স্কুল বাছলৈ অপেক্ষা কৰি থকা অৱস্থাত অপহৰণ কৰা এজন শিশুক উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে।
আৰক্ষীয়ে জানিবলৈ দিয়া মতে, অপহৰণকাৰীয়ে শিশুটিৰ পিতৃৰ পৰা ১০ লাখ টকা মুক্তিপণ দাবী কৰিছিল।
খবৰ অনুসৰি, অপহৰণকাৰীয়ে শিশুটিৰ পিতৃক মুক্তিপণৰ ধনখিনি পালা গাঁৱৰ এখন বিদ্যালয়ৰ সমীপত বেগত ভৰাই থৈ যাবলৈ কৈছিল।
কিন্তু অপহৰণকাৰীক ধন প্ৰদানৰ পূৰ্বেই আৰক্ষীয়ে তৎপৰতাৰে অভিযান চলাই অপহৃত শিশুটিক উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
আৰক্ষীয়ে অপহৰণকাৰীক বিচাৰি অভিযান অব্যাহত ৰাখিছে।
