বাঘজান তৈলক্ষেত্ৰত অইলক সকলো উৎপাদন,খনন বন্ধৰ নিৰ্দেশ

89

ষ্টাফৰিপৰ্টাৰ, ২১ জুন : বাঘজান তৈলক্ষেত্ৰত অইলক সকলো উৎপাদন,খনন বন্ধৰ নিৰ্দেশ দিয়া হৈছে।প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ড অসমে অইল ইণ্ডিয়া লিমিটেডক বাঘজান তৈলক্ষেত্ৰত ইয়াৰ সকলো উৎপাদন, খনন বন্ধ তৎকালে বন্ধ কৰিবলৈ নিৰ্দেশ দিছে।অইলক দিয়া জাননীত ব’ৰ্ডে কয় যে,অইলে আইন উলংঘা কৰি নিয়মিত বাৰ্ষিক প্ৰতিবেদন গুৰুত্বসহকাৰে দাখিল কৰা নাছিল।সেয়ে বলৱৎ থকা আইনৰ অধীনত ই শাস্তিৰ যোগ্য। উল্লেখযোগ্য যে,প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডৰ ক্ষমতাৰ প্ৰয়োগ কৰি পৰিৱেশ (সুৰক্ষা) আইন, ১৯৮৬, জল (প্ৰদূষণ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ) আইন, ১৯৭৪ আৰু বায়ু (প্ৰদূষণ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ) আইন, ১৯৮১ৰ প্ৰাসংগিক ব্যৱস্থাৰ অধীনত অইলক এই নিৰ্দেশ দিয়া হৈছে।