মাননীয় মুখ্যমন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালে যোৰহাটৰ উত্তৰ-পূব বিজ্ঞান আৰু প্ৰযুক্তি প্ৰতিষ্ঠান (NEIST)ক বাঘজান গেছ নিৰ্গমনস্থলীত হোৱা কম্পনৰ বিষয়ে অধ্যয়ন কৰি অতি সোনকালে এটা প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে, যাতে চৰকাৰে এই সন্দৰ্ভত উপযুক্ত পদক্ষেপ গ্ৰহণ কৰিব পাৰে। বৈজ্ঞানিক আৰু জ্যেষ্ঠ বিষয়াসকলৰ সৈতে জনতা ভৱনত অনুষ্ঠিত এক বৈঠকত তেখেতে এই নিৰ্দেশ দিয়ে। এইক্ষেত্ৰত আই আই টি, গুৱাহাটীয়েও সহযোগিতা আগবঢ়াব।