ষ্টাফৰিপৰ্টাৰ,১০ জুন:: তিনিচুকীয়া জিলাৰ বাঘজান তৈল খাদত সংঘটিত অগ্নিকাণ্ডৰ সন্দৰ্ভত এইবাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিদ্ৰোহী সংগঠন সংযুক্ত মুক্তিবাহিনী অসম(স্বাধীন) চমুকৈ আলফা(স্বা)ই। বুধবাৰে আলফা(স্বা)ৰ প্ৰচাৰ গোটৰ সদস্য কে. দ্বীপ অসমৰ স্বাক্ষৰিত এক বিবৃতিত যোগে কয় “অইল ইণ্ডিয়াৰ চৰম গাফিলতিৰ বাবেই এই ভয়ানক দুৰ্ঘটনা সংঘটিত হৈছে।তৈলকূপৰ পৰা নিৰ্গত গেছে বাঘজানৰ দাঁতিকাষৰীয়া অঞ্চলৰ লগতে ডিব্ৰু ছৈখোৱাৰ জৈৱ বৈচিত্ৰক ক্ষতিগ্ৰস্ত কৰাৰ ফলত জীৱকুলৰ প্ৰাণ হানি হৈছে।”উল্লেখযোগ্য অইল ইণ্ডিয়াই ভৱিষ্যতে অসমত নতুনকৈ তেল-গেছ অন্বেষণ আৰু উত্তোলন কৰিব নোৱাৰিব বুলিও সংগঠনটোৱে সকীয়নি দিছে।
