বাগদেৱীৰ আৰাধনাত মুখৰিত চৌদিশ, বতৰৰ বিধি-পথালি

99

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা। প্ৰতিকূল বতৰৰ মাজতে ৰাজ্যৰ স্কুল-কলেজ- বিশ্ববিদ্যালয় সমূহত দেখিবলৈ পোৱা গৈছে সৰস্বতী পূজাৰ ব্যাপক উচাহ। বাগদেৱীৰ বন্দনাত মুখৰ হৈ পৰিছে ৰাজ্যৰ চৌদিশ।

কোৰোনাকেন্দ্ৰিক পৰিস্থিতি আৰু সেমেকা বতৰৰ বাবে পূজাৰ আনন্দ কিছু ম্লান পৰিলেও স্কুল–কলেজৰ লগতে শৈক্ষিক প্ৰতিষ্ঠানত পুৱাৰে পৰা দেখা গৈছে উখল-মাখল পৰিৱেশ।

দেৱী সৰস্বতীৰ শ্ৰীচৰণত সেৱা লৈ নিজৰ শিক্ষা জীৱনৰ সফলতাৰ বাবে প্ৰাৰ্থনা জনাব শিক্ষাৰ্থীসকলে। বিদ্যালয় তথা মহাবিদ্যালয়সমূহৰ চৌহদত সুন্দৰকৈ মণ্ডপ সজাই বাগদেবীৰ মূৰ্তি স্থাপন কৰি পূজাৰ আয়োজন কৰা হৈছে।