বাগদা সীমান্তত ৮১খন সোণৰ বিস্কুটসহ আটক এজন কৃষক…

224

পশ্চিবংগৰ বাগদা সীমান্ত অঞ্চলৰ পৰা সোণৰ বিস্কুটসহ কৃষকক আটক বিএছএফৰ। সীমান্ত সুৰক্ষা বাহিনীয়ে অভিযান চলাই দেওবাৰে বাগদা থানাৰ ৰংহাটৰ পৰা ৮১ খন সোণৰ বিস্কুটসহ আটক কৰে এজন কৃষকক।

বি এছ এফৰ সূত্ৰ অনুসৰি উদ্ধাৰ হোৱা বিস্কুটৰ মুঠ ওজন প্ৰায় ১০ কেজি। ইয়াৰ বজাৰ মূল্য প্ৰায় ৫ কোটি টকা। ধৃত সৰবৰাহকাৰীৰ জনক বাগদাৰ কুলিয়া সীমান্তৰ নাজিম মণ্ডল বুলি জানিব পৰা গৈছে। ধৃত লোকজনে দেওবাৰে আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ সমীপত খেতি কৰিবলৈ গৈছিল। দাবী কৰা হৈছে যে তাত এজন বাংলাদেশীয়ে তেওঁক সোণৰ বিস্কুট দিছিল। সেইটো লৈ তেওঁ নিজৰ গাঁৱৰ ফালে আহি আছিল সেই সময়ত কৰ্তব্যৰত বি এছ এফৰ জোৱানসকলে তেওঁক সন্দেহযুক্ত হিচাপে আটক কৰে। তেওঁক তালাচী চলাই থকা অৱস্থাত উদ্ধাৰ হয় সোণৰ বিস্কুটসমূহ।

প্ৰসংগক্ৰমে ৭ আৰু ৯ ছেপ্টেম্বৰত বাগদাৰ সীমান্ত চকীত বিএছএফে মুঠ ২.৪০ কোটি টকাৰ ৪০ খন বিস্কুট জব্দ কৰিবলৈ সক্ষম হৈছিল। সোমবাৰে বি এছ এফে ধৃত ব্যক্তিজনক সোণৰ বিস্কুটসহ বাগদাদ শুল্কক গতাই দিয়ে যিহেতু সীমান্ত অঞ্চলত বাৰে বাৰে সোণ উদ্ধাৰ কৰা হৈছে, সেয়ে বুজা গৈছে যে চোৰাং চক্ৰটো সক্ৰিয় হৈ আছে। উৎসৱৰ বতৰত চুৰি সামগ্ৰী উদ্ধাৰৰ ক্ষেত্ৰত সতৰ্কতা বৃদ্ধি কৰিছে বি এছ এফে।