বাক্সা জিলাৰ এখন গাঁওৰ ৰাইজে বিগত বহু বছৰ ধৰি পালন কৰি আহিছে “হৰ ঘৰ ত্ৰিৰংগা”

283

ৰাজ্যখনৰ প্ৰতিটো পৰিয়ালে জাতীয় পতাকা উত্তোলনেৰে পালন কৰিছে দেশৰ গৌৰৱোজ্বল স্বাধীনতা দিৱসৰ অমৃত মহোৎসৱ ৷ পিচে বাক্সা জিলাৰ এখন গাঁওৰ ৰাইজে বিগত বহু বছৰ ধৰি পালন কৰি আহিছে স্বাধীনতা দিৱস ৷ পালন কৰি আহিছে হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচী। বাক্সা জিলাৰ মুছলপুৰ মহকুমাৰ অন্তৰ্গত এই গাঁওখন হৈছে ২ নং কাটলিগাঁও ৷ ৰাভা জনগোষ্ঠীৰ লোকে বসবাস কৰা এই গাঁওখনত আছে প্ৰায় শতাধিক পৰিয়াল ৷ জিলাখনৰ ভিতৰতে এখনি স্বচ্ছ গাঁও হিচাপে পৰিচিত এইখন গাঁওৰ ৰাইজে বিগত বছৰ বছৰ ধৰি দেশৰ স্বাধীনতা দিৱস পালন কৰাৰ লগতে হৰ ঘৰ ত্ৰিৰংগাও উদযাপন কৰি আহিছে ৷ প্ৰতি বছৰে গাঁওখনৰ প্ৰতিটো পৰিয়ালৰ পদুলিত জাতীয় পতাকা উত্তোলন কৰি আহিছে ৷ আনকি স্বাধীনতা দিৱস উপলক্ষে মটৰ চাইকেল ৰেলী উলিয়াই দেশপ্ৰেমৰ উদাহৰণ দিবলৈ সক্ষম হৈছে ৷ অৱশ্যে সশস্ত্ৰ সংগঠনে স্বাধীনতা দিৱস বৰ্জন কৰাত কিছু স্তিমিত হৈছিল যদিও পুনৰ গাঁওখনৰ ৰাইজে উলহ মালহেৰে স্বাধীনতা দিৱস পালন কৰি আহিছে ৷ উল্লেখ্য যে চিলাৰায় সংঘ, লক্ষ্মী মহিলা সমিতি আৰু মিলন সমবায় সমিতিৰ যৌথ উদ্যোগত গাঁওখন এখন স্বচ্ছ গাঁও হিচাপে গঢ়ি তোলাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে ৷ গাঁওখনৰ বিভিন্ন স্থানত বিভিন্ন জন সচেতনতামুলক বেনাৰ লগাই ৰাইজক সচেতন কৰিবলৈও চেষ্টা চলাই আহিছে ৷ যি সময়ত হৰ ঘৰ ত্ৰিৰংগা উত্তোলনৰ বাবে চৰকাৰে আহ্বান জনাইছে তেনে সময়তে ২ নং কাটলিগাঁওৰ ৰাইজে বিগত কেইবাবছৰ পূৰ্ৱৰে পৰা জাতীয় পতাকা উত্তোলনৰ কৰি স্বাধীনতা দিৱস পালন কৰি আহিছে।