বাক্সাৰ মুছলপুৰত এশ আত্মসহায়ক গোটক ছাগলী বিতৰণ ৰাকেশ ব্ৰহ্মৰ

343

বাক্সাৰ মুছলপুৰত এশ আত্মসহায়ক গোটক ছাগলী বিতৰণ কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্মৰ।

ডিচেম্বৰৰ পৰা বিটিআৰত Goat Missionৰ কাম আৰম্ভ হোৱাৰ ঘোষণা কাৰ্যবাহী সদস্য ।

বিটিআৰত শীঘ্ৰেই আৰম্ভ হ’ব Goat Missionৰ কাম৷ অহা ডিচেম্বৰ মাহৰ পৰা বিটিআৰৰ পাচ খন জিলাত আৰম্ভ হব Goat missionৰ কাম৷ এই মিছনৰ জড়িয়তে অৰ্থনৈতিক স্বাৱলম্বী কৰি তোলাৰ প্ৰয়াস কৰা হৈছে৷ এই মন্তব্য বিটিচিৰ পশুপালন বিভাগৰ কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্মৰ৷ আজি বাক্সা জিলাৰ মুছলপুৰত জিলা পশুপালন বিভাগৰ কাৰ্যালয়ত হিতাধীকাৰী তথা আত্মসহায়ক গোটৰ ছাগলী বিতৰণ কৰি তেখেতে কয় যে, বিটিআৰৰ কোকৰাঝাৰ, তামুলপুৰ, চিৰাং, ওদালগুৰি আৰু বাক্সা জিলাত পাচ খন ছাগলী ফাৰ্ম স্হাপন কৰিব৷ ইয়াৰ বাবে চক্ৰ বিষয়া সকলক মাটি আৱন্টনৰ বাবে বিভাগীয়ভাবে নিৰ্দেশ কৰা বুলি মন্তব্য কৰি আজি এশ আত্মসহায়ক গোটক ছাগলী প্ৰদান কৰাৰ লগতে পৰৱৰ্তী সময়ত আৰু এনেধৰণৰ সহায় আগবঢ়াব বুলি মন্তব্য কৰে৷