বাক্সাৰ ভূটানখুটীত অন্ন সুৰক্ষা যোজনাৰ চাউলত ওলাল গ্লাচৰ টুকুৰা

208


বাক্সাত চৰকাৰী চাউলত ওলাল গ্লাচৰ টুকুৰা ৷ সুলভ মূল্যৰ দোকানৰ চাউলত ওলাল গ্লাচৰ টুকুৰা ৷ চাউলত গ্লাচৰ টুকুৰা ওলোৱাক লৈ সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ ৷ জিলাখনৰ ভূটানখুটিৰ দিল অধিকাৰী নামৰ লোকজনে আজি স্থানীয় সুলভ মূল্যৰ এজেন্টৰ পৰা নিছিল অন্ন সুৰক্ষা যোজনাৰ অধীনৰ চাউলখিনি ৷ পিচে ঘৰত গৈ চাউলখিনি চাফা কৰিবলৈ লওতে প্ৰত্যক্ষ কৰে গ্লাচৰ টুকুৰা ৷ দিল অধিকাৰীয়ে জানিব দিয়া মতে মংগলবাৰে চাউলখিনি সুলভ মূল্যৰ দোকানৰ পৰা আনিছিল চাউলখিনি ৷ এনেদৰে যদি চাউলত গ্লাচৰ টুকুৰা থাকে মানুহ মৰিব ৷ চৰকাৰে যোগান ধৰা চাউলত এনেদৰে মৰণফান্দ সদৃশ গ্লাচৰ টুকুৰা ওলোৱাত সৃষ্টি হৈছে প্ৰতিক্ৰিয়া ৷ ইতিমধ্যে ভূক্তভোগী দিল অধিকাৰীয়ে চৰকাৰক বিশুদ্ধ চাউল যোগান ধৰাৰ বাবে আহ্বান জনাইছে ৷