বাক্সাৰ তামুলপুৰত যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্যঃ হত্যাৰ সন্দেহ

92

বাক্সা জিলাৰ ভাৰত-ভূটান সীমান্তৰ পাহাৰত যুৱকৰ অৰ্ধগলিত মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে। জানিব পৰা মতে, যোৱা ২৭ জুনত মেনকা চাহ বাগিচাৰ পৰা সন্ধানহীন হৈ আছিল বিষ্ণু মগৰ নামৰ যুৱকজন। কিন্তু আজি ভাৰত ভূটান সীমান্তৰ পাহাৰৰ এডাল গছত চিপ লৈ থকা অৱস্থাত স্থানীয় ৰাইজে যুৱকজনৰ মৃতদেহ প্ৰত্যক্ষ কৰে। এয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি অভিযোগ উত্থাপন কৰিছে যুৱকজনৰ পৰিয়ালৰ লোকে।

জানিব পৰা মতে, যোৱা ২৭ জুনত প্ৰেয়সীক গোপনে লগ কৰিবলৈ ওলাই গৈছিল বিষ্ণু মগৰ। কিন্তু প্ৰেয়সীৰ পৰিয়ালে যুৱকজনক মানসিকভাৱে অত্যাচাৰ চলোৱাৰ লগে মোবাইল ফোন কাঢ়ি লৈ ঘৰলৈ খেদি পঠিয়াই। কিন্তু যুৱকজন পিছদিনালৈকে ঘৰলৈ উভতি নহাত পৰিয়ালৰ লোকে স্থানীয় আৰক্ষী চকীত যুৱকজনৰ সন্ধানহীন সম্পৰ্কে এজাহাৰ দাখিল কৰে।

ইফালে এই ঘটনাৰ ১১ দিনৰ পিছত ভাৰত-ভূটান সীমান্তৰ পাহাৰত যুৱকজনৰ মৃতদেহ চিপ লৈ থকা অৱস্থাত উদ্ধাৰ হোৱাৰ পিছত ঘটনাক লৈ ৰহস্যৰ সৃষ্টি হৈছে। পৰিয়ালৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ইতিমধ্যে ৰাজদীপ দাস, ভণ্ড গৌৰ, বিকি দেউৰী আৰু জুহাল সৰকাৰ নামৰ যুৱক ৪জনক আটক কৰি তদন্ত অব্যাহত ৰাখিছে।