বাক্সাৰ ডাইনী হত্যাকাণ্ডৰে জড়িত থকাৰ অভিযোগত দুজনক গ্ৰেপ্তাৰ

173

বাক্সা জিলাৰ কুমাৰীকাটাত সোমবাৰে সংঘটিত হত্যাকাণ্ডৰ সৈতে জড়িত থকাৰ অভিযোগত দুজন লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। উল্লেখ্য যে, কুমাৰীকাটাত সোমবাৰে ডাইনীৰ সন্দেহত এজন লোকক গাঁওবাসীয়ে মৰিয়াই মৰিয়াই হত্যা কৰিছিল।

একবিংশ শতিকাৰ আধুনিক যুগতো সংঘটিত এনে নিৰ্মম ঘটনাৰ পিছতে ঘটনাৰ সৈতে জড়িত থকাৰ সন্দেহত কেইবাজনো পুৰুষ-মহিলাক আৰক্ষীয়ে আটক কৰি সোধপোছ চলায়। ইফালে আজি পুনৰ দুজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি তদন্ত আগবঢ়াই নিছে। ধৃত লোক দুজন ক্ৰমে ৰৌমি বসুমতাৰী (২১) আৰু সুবল বড়ো (৩০) বুলি জানিব পৰা গৈছে। দুয়োজনৰে ঘৰ আংগাৰকাটা বৈগ্ৰীগুৰি গাঁৱত।