বাক্সাত “হৰ ঘৰ তিৰংগ” কাৰ্য্যসূচী পালন

200

বাক্সাত “হৰ ঘৰ তিৰংগ” কাৰ্য্যসূচী পালন। বাক্সাৰ ভিন্ন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহন কৰে “আজাদীৰ অমৃত মহোৎসৱত”।বাক্সাৰ ভাৰত ভুটান সীমান্তত দিনে নিশাই পহৰা দি অহা ২৭ নং বাহিনী সশস্ত্ৰ সীমা বল চমুকৈ এছ এছ বিৰ “এ” সমবায় মইনাগুৰিৰ উদ্যোগত আজি বাক্সা জিলাৰ সদৰ মুছলপুৰৰ অন্তৰ্গত অৰ্নেবিলৰ বাহাদুৰ সিং ব্ৰহ্ম এম্ ভি স্কুলত পালন কৰা হয় “হৰ ঘৰ তিৰংগ” কাৰ্য্যসূচী । সীমান্ত অঞ্চলত সাধাৰণ ৰাইজৰ লগতে প্ৰাথমিক, মাধ্যমিক বিদ্যালয়সমূহৰ ছাত্ৰ ছাত্ৰীক এক গোট কৰি এছ এছ বিৰ জোৱান সকলে দেশভক্তি মূলক কাৰ্যক্ৰমৰ আয়োজন কৰে । উক্ত কাৰ্যক্ৰমৰ জৰিয়তে জোৱানসকলে ছাত্ৰ ছাত্ৰীৰ আৰু স্থানীয় ৰাইজৰ মাজত সজাগতা বৃদ্ধি কৰাৰ চেষ্টা কৰে। ২৭ নং বাহিনী এছ এছ বি “এ” সমবায় মইনাগুৰিৰ প্ৰভাৰী চঞ্জীত সমজদাৰে কয় যে প্ৰত্যেক জন লোকে দেশৰ বাবে সেৱা আগবঢ়াই যাব পাৰে। কেৱত খাকি পোচাক বা বৰ্দি পিন্ধা সকলে মাত্ৰ দেশ ৰক্ষা বা দেশ সেৱা কৰা নহয় দেশৰ প্ৰত্যেক জন লোকে দেশৰ ভালৰ কাৰনে কাম কৰি যোৱাটো ও দেশ সেৱা কৰা বুজায়। তেঁও কয় যে এছ এছ বিৰ লক্ষ্য সেৱা, সুৰক্ষা আৰু বন্ধুত্ব সদায় অটুট ৰাখি এই বেলি প্ৰত্যেক ঘৰতে ৰাষ্ট্ৰীয় পতাকা উৰোৱাৰ ৱাৰ্তা সাধাৰণ ৰাইজৰ মাজত লৈ যাব লাগিব। আজিৰ এই অনুষ্ঠানত ২৭ নং বাহিনী এছ এছ বি “এ” সমবায় মইনাগুৰিৰ প্ৰভৰি চঞ্জিত সমজদাৰ, মইনাপোখৰী ক্লাষ্টাৰৰ চি আৰ চি চি অৰুণ কলিতা, বাহাদুৰ সিং ব্ৰহ্ম এম ভী স্কুলৰ প্ৰধান শিক্ষক ধৰণী দাসৰ লগতে বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আৰু স্থানীয় লোক উপস্থিত থাকে।