বাক্সাত অচিনাক্ত অৰ্ধ গলিত মৃতদেহ উদ্ধাৰ

206

বাক্সা জিলাৰ লাবদাংগুৰী উপ আৰক্ষী চকীৰ অন্তৰ্গত ছামঠাইবাৰীৰ হাকোৱা নদীত পানীত উপঙি থকা অৱস্থাত অচিনাক্ত এটি গলিত মৃতদেহ উদ্ধাৰ কৰে আৰক্ষীয়ে ৷

স্থানীয় ৰাইজে হাকোৱা নদীত পানীত এটি মৃতদেহ উপঙি থকা প্ৰত্যক্ষ কৰি স্থানীয় লাবদাংগুৰী আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰে ৷

মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে আৰক্ষীয়ে মুছলপুৰলৈ প্ৰেৰণ কৰাৰ পিছত যোৱা সোমবাৰে পৰিয়ালৰ লোকে মৃতদেহটো বৰপেটা জিলাৰ ভেটুমাৰী টুপৰ আবুবক্কৰ ছিদ্দিক বুলি চিনাক্ত কৰে ৷

আজি মৃতদেহটো ঘৰলৈ অনাৰ পিছত পৰিয়ালৰ মাজত কান্দোনৰ ৰোল উঠে ৷ ইপিনে বাক্সা জিলা আমছুৰ সভাপতি ছাইফুল ইছলাম খানে ঘটনাটো এক উচিত তদন্তৰ দাবী জনাইছে ৷