বাইহাটাত অৰুণাচল অভিমুখী বাছত অভিযান, ১.২ কোটি টকা মূল্যৰ হেৰ’ইন জব্দ, এজনক আটক

854

শুকুৰবাৰে নিশা বিশেষ টাস্ক ফ’ৰ্চৰ এটা দলে কামৰূপৰ বাইহাটাত এ আৰ ০১কিউ ০৭৫৭ নম্বৰৰ অৰুণাচল অভিমুখী এখন বাছত অভিযান চলাই ১.২ কোটি টকাৰ বিপুল পৰিমাণৰ হেৰ’ইন জব্দ কৰে।

গোপন খবৰৰ ভিত্তিত অতিৰিক্ত এছ পি এছ টি এফ কল্যাণ পাঠকৰ নেতৃত্বত এছ টি এফৰ দলটোৱে নিশা প্ৰায় ২.৩০ বজাত অভিযান আৰম্ভ কৰি এজন সন্দেহযুক্ত বেপাৰীৰ হাতৰ পৰা ১o বাকচ হেৰ’ইন আৰু ১৫০ গ্ৰাম ওজনৰ (কভাৰবিহীন) শিশি জব্দ কৰে।

ধৃত সৰবৰাহকাৰীজনক কলগাছিয়াৰ ভেৰগাঁৱৰ বাটেন আলী বুলি চিনাক্ত কৰা হৈছে।

বেপাৰীজনক জিম্মাত লৈ ব্যক্তিজনৰ বিৰুদ্ধে প্ৰয়োজনীয় আইনী ব্যৱস্থা আৰম্ভ কৰা হৈছে।