বাইকত অহা দুস্কৃতিকাৰীৰ গুলীবৰ্ষণত নিহত এজন, আহত ৩ জন

72

মুম্বাইৰ কান্দিৱলী অঞ্চলত বাইক লৈ অহা দুজন দুষ্কৃতিকাৰীৰ গুলীবৰ্ষনত এজন লোকৰ মৃত্যু হোৱাৰ লগতে আন তিনিজন লোক আহত হয়।

খবৰ অনুসৰি, ব্যক্তিগত শত্ৰুতাৰ পৰিণতিৰ বাবেই এই আক্ৰমণ কৰা হৈছিল। নিশা প্ৰায় ১১.৩০ বজাত লিংক ৰোডৰ লালকোপাৰাত সংঘটিত হয় এই ঘটনা।

‘নিশা প্ৰায় ১২.১৫ বজাত আমি এটা তথ্য লাভ কৰিলোঁ কান্দিৱলী আৰক্ষী থানাৰ এলেকাত এটা গুলীচালনাৰ কাণ্ড সংঘটিত হৈছে। দুখন বাইকত আহি দুই এজন লোকৰ ওপৰত গুলীচালনা কৰে য’ত এজন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে আন তিনিজনৰ সামান্য আঘাতপ্ৰাপ্ত হয় আৰু অধিক তদন্ত চলি আছে।” -এইদৰে কয় উপ আৰক্ষী আয়ুক্ত (ডিচিপি) বিশাল ঠাকুৰে।

নিহত লোকজনক অংকিত যাদৱ (২৬) বুলি চিনাক্ত কৰা হৈছে। আনহাতে আহত হৈছে অবিনাশ দভোলকৰ, মনিষ গুপ্তা আৰু প্ৰকাশ নাৰায়ণ।

আৰক্ষীৰ মতে, এই গোচৰৰ প্ৰধান অভিযুক্ত সোণু পাছৱানে ভুক্তভোগীজনক ভালদৰে চিনি পাইছিল আৰু দুয়োটা গোট পৃথক পৃথক দাহী হাণ্ডী মণ্ডলৰ অংশ। চলিত বৰ্ষৰ আৰম্ভণিতে নিজৰ অঞ্চলৰ পৰা এটা বিশেষ দাহী হাণ্ডী ভাঙিবলৈ লৈ দুয়োটা গোটৰ মাজত কাজিয়া হৈছিল।

ইফালে, ভাৰতীয় দণ্ডবিধি (আই পি চি) ধাৰা ৩০২ (হত্যা) আৰু অন্যান্যৰ লগতে অস্ত্ৰ আইনৰ অধীনত অভিযুক্তৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে।

অভিযুক্ত সোণু পাছৱানক এতিয়াও গ্ৰেপ্তাৰ কৰা হোৱা নাই।