বাংলাদেশৰ স্বাধীনতা সেনানী-ক্ৰিকেটাৰ শ্বাকিবু আল হাছানক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ

6961

বাংলাদেশৰ স্বাধীনতাৰ সোণালী জয়ন্তী বৰ্ষৰ অংশ গ্ৰহণ কৰিবৰ বাবে বাংলাদেশ ভ্ৰমণ কৰা ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আজি দেশখনত উপস্থিত হোৱাত উষ্ম আদৰণি জনায়। দুদিনীয়া কাৰ্যসূচীৰে বিশেষ বিমান যোগে বাংলাদেশত উপস্থিত হোৱাৰ পিছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বাংলাদেশৰ স্বাধীনতা সেনানীক সাক্ষাৎ কৰে। পাকিস্তানৰ বিৰুদ্ধে যুঁজ দিয়া তদানীন্তন কেইবাগৰাকী সেনা জোৱান তথা স্বাধীনতা যুঁজাৰুক সাক্ষাৎ কৰি অভিবাদন গ্ৰহণ কৰাৰ লগতে ৫০ বৰ্ষীয় স্বাধীনতাৰ শুভেচ্ছা জ্ঞাপন কৰে৷ আনহাতে বাংলাদেশৰ যুৱ উদ্যামী সকলোকো সাক্ষাৎ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷ যুৱ ক্ৰিকেটাৰ শ্বাকিব আল হাছানক সাক্ষাৎ কৰি নৰেন্দ্ৰ মোদীয়ে অভিবাদন গ্ৰহণ কৰে৷